অসমীয়া মানুহে মাছ, মাংস নিয়মীয়াকৈ খায়। এই কথাটোত কোনো ধৰণৰ দ্বিমত নাই। অসমত নিৰামিষভোজী মানুহ নথকা নহয় কিন্তু সেয়া নগণ্যপ্ৰায়। অসমত হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আদি অনেক সম্প্ৰদায়ৰ লোক আছে। কিন্তু কোন কাহানিও কোনে কি মাংস খাইছে আৰু বিশেষত মাংস কেনেকৈ কাটিছে তাক লৈ প্ৰশ্ন কৰা মানুহ অসমত নোলাইছিল। কিন্তু এতিয়া অসমৰ মানুহে কেতবোৰ কথা কাকত-পত্ৰত পঢ়ি জানিবলৈ পাইছে। অসমৰ মানুহে লাভ কৰা এই জ্ঞান ভাৰতীয় মাংস সন্দৰ্ভত। সমগ্ৰ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰততো হিন্দু মানুহে ঝটকা পদ্ধতিত কটা মাংস গ্ৰহণ কৰে আৰু ইছলাম ধৰ্মী মানুহে হালাল মাংস গ্ৰহণ কৰে। হালাল নে ঝটকা এই কথাটোক লৈ উত্তৰ-দক্ষিণ ভাৰতীয় মানুহ যথেষ্ট সংবেদনশীল। অৱশ্যে এই ক্ষেত্ৰত হিন্দু মানুহৰ একাংশৰ হালাল বা ঝটকাক লৈ কোনো ধৰণৰ আপত্তি নাই যদিও ইছলামধৰ্মী মানুহে ঝটকা পদ্ধতিৰে কটা মাংস খাব নিবিচাৰে। তেওঁলোকে ইয়াৰ বাবে যিবোৰ দোকানত হালাল মাংস বুলি লিখা থাকে সেই দোকানৰ পৰাহে মাংস ক্ৰয় কৰিব বিচাৰে। এনে হালাল দোকানবোৰৰ গ্ৰাহকৰ তালিকাত হিন্দুও থাকে। আৰু উত্তৰ-পূব ভাৰতৰ পৰা গৈ দিল্লী, মুম্বাই বা বাংগালুৰুত থকাসকলে দোকান নিৰ্বিশেষে মাংস কিনি খায়।
এতিয়া প্ৰশ্ন হয় যে হালাল মাংস কটা পদ্ধতি কি? বিশেষ একো নাই! গ’ল কাটি কটা মাংস পদ্ধতিক হালাল বোলা হয় আৰু মুচুৰি মাৰি কটা মাংস পদ্ধতিক ঝটকা বোলা হয়। অসম প্ৰদেশত অৱশ্যে মাংসৰ দোকানত হালাল-ঝটকা লিখা নাথাকে (কেতবোৰত নথকাও নহয়) বা অসমীয়া মানুহে (হিন্দু-মুছলমান নিৰ্বিশেষে) মাংস খোৱাৰ এই কথাটোত বিশেষ মন দিয়া দেখা নগৈছিল। অৱশ্যে বিগত কেইটামান বছৰত কথাবোৰ অলপ বেলেগ হৈছে।
এই কথাখিনি চৰ্চা কৰাৰ মূল কথাটো এয়াই যে শেহতীয়াকৈ উত্তৰ প্ৰদেশ, কৰ্ণটকৰ কেতবোৰ ঠাইত হালাল মাংসৰ বিৰুদ্ধে একপ্ৰকাৰৰ অভিযান আৰম্ভ হৈছে। কৰ্ণাটকৰ কেতবোৰ ঠাইত ইছলামধৰ্মী লোকক মাংসৰ ব্যৱসায় কৰিবলৈ বাধা দিয়াৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশত নৱৰাত্ৰিৰ (এই সময়ত উত্তৰ ভাৰতত পালন হোৱা বিশেষ ধৰ্মীয় পূজা উৎসৱ) সময়ত মাংস দোকান খুলিবলৈ নিদিয়া আদি খবৰ বাতৰি কাকত আদিবোৰত প্ৰকাশ পাইছে। একাংশ বিজেপি কৰ্মী তথা নেতাই হালাল মাংস বিৰোধী অভিযানৰ নেতৃত্ব দি আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিছে। অৱশ্যে দুয়োখন ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে এই কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আৰু ৰাজ্যত শান্তিপূৰ্ণ পৰিস্থিতি অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে।