ইংৰাজী ক্লাছৰ শিক্ষয়িত্ৰী গৰাকীয়ে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক নিজৰ মাকৰ বিষয়ে ২০ শাৰীৰ এটা টোকা লিখিবলৈ দিছিল। সকলোৱে ভাল লিখিছিল । কিন্তু এগৰাকী ছাত্ৰীৰ এশাৰী বাক্যই শিক্ষয়িত্ৰী গৰাকীক ভাৱাম্বিত কৰি তুলিছিল।
“মাই মাদাৰ হেজ্ ন’ চাৰ্ভিচ্” বুলি ছাত্ৰীগৰাকীয়ে লিখা কথাষাৰৰ অন্তনিৰ্হিত অৰ্থ বৰ মৰ্মাহত । শিক্ষয়িত্ৰী গৰাকীয়ে কৈ গৈছিল। তেওঁ কৈছিল ছাত্ৰী গৰাকীয়ে নিশ্চিতভাৱে বুজাব বিচাৰিছে যে তেওঁৰ মাকে দৰমহা পোৱা চাকৰি নকৰে। অৰ্থাৎ মাক হয়তো এগৰাকী সুগৃহিণী। কিন্তু সেই কথা বুজাবলৈ আমি লিখিব নোৱাৰো যে ‘ মাই মাদাৰ হেজ্ ন’ চাৰ্ভিচ্’।
মাকৰ কামৰ হিচাপ কৰাৰ সাধ্য আছে জানো কাৰোবাৰ! বিনা পৰিশ্ৰামিক অথবা বিনা পদমৰ্যদাৰে নিৰৱে কাম কৰি যায় মাকজনীয়ে। এগৰাকী মহিলাৰ পৰা এগৰাকী ‘মা’ হোৱালৈ এক দীঘল পৰিক্ৰমা। গৰ্ভত এটি জীৱৰ স্থিতি অনুভৱ কৰাৰ পাছত ভগৱানৰ ওপৰত প্ৰৱল বিশ্বাসেও মনত থিতাপি লয়। এটি জীৱক পৃথিৱীত জীয়াই ৰখাৰ কঠিন দায়িত্বভাৰ দিয়াৰ পৰম বিশ্বাস।
সন্তানৰ কেৱল জন্ম নহয়, জন্ম হয় মাকৰ ও। সন্তান জন্মৰ শুভক্ষণটোৱে ‘মাক’ৰ হাতত তুলি দিয়ে কামৰ নেৰা নেপেৰা তালিকা।
পানীকেঁচুৱা সন্তানৰ মুখত গাখীৰৰ প্ৰথমটো টোপাল যাচি দিয়াৰ পৰা ‘মাই মাদাৰ হেজ্ ন’ চাৰ্ভিচ’ বুলি নিজ সন্তানে ক’ব পৰা হোৱালৈ মাকৰ ক’ত কাম! বক্ষত মুখ থৈ শুই থকা সন্তানৰ নিষ্পাপ মুখখনিয়ে মাকৰ কামৰ দায়িত্ব বঢ়ায়। মাকে খুৱাই দিয়ে, শুৱাই দিয়ে, মাকে বাৰে বাৰে সলনি কৰি থাকে সন্তানে পিন্ধা ডাইপাৰ। ফুটা-নুফুটা মাতেৰে ‘মা’ বুলাৰ লগে লগে মাকৰ গাত তৎ নাইকিয়া হয়। সন্তানৰ জ্বৰ উঠা ৰাতিবোৰত মাকৰ বুকুখনে হাহাকাৰ কৰে । কপালত তিতা কাপোৰৰ ভৰণ দি গোটেই ৰাতি মূৰৰ শিতানত বহি থাকে মাকে। মাকে স্কুললৈ যোৱা সন্তানক টিফিন বনাই দিয়ে, কাপোৰ পিন্ধাই দিয়ে, হোমৱৰ্ক কৰি দিয়ে। মেট্ৰিকৰ দৰে ডাঙৰ ডাঙৰ পৰীক্ষাবোৰৰ প্ৰস্তুতিৰ সময়ত গোটেই ৰাতি সন্তানৰ পঢ়াৰ টেবুলৰ কাষত বহি থাকে মাকে। সন্তানৰ সফল সময়বোৰত মাকে মুখত মিঠাই ভৰাই দিয়ে আৰু বিফল সময়বোৰত চকুৰপানী মচি দিয়ে।
মাকৰ সন্মুখতে পুত্ৰই বিয়া কৰাই বোৱাৰী আনে আৰু জী ক উলিয়াই দিয়া হয় আনৰ ঘৰলৈ। মাকে দপ্দপাই বিয়াৰ যো-জা কৰে। বুকুত একোৰা জীয়া জুই লৈ।
অদৃশ্য জনে জন্ম দিয়া ‘মা’কৰ কামৰ নিৰ্দিষ্ট তালিকা নাথাকে। নাথাকে কোনো মেথ’দ’ল’জি কেনেকৈ সন্তানক ডাঙৰ কৰিব পাৰি! অথচ মাকৰ কামৰ নাই কোনো স্বীকৃতি। মাকৰ ও ভাগৰ লাগে, হাত দুখন মাজে মাজে বিষায়, ভৰি দুখন কঁপে। তথাপি জিৰণি নাই। মাকৰ বুকুত দুটা জীউ থাকে- এটা নিজৰ, আন এটা সন্তানৰ!
মাক অশিক্ষিত হ’ব পাৰে, অসুন্দৰী হ’ব পাৰে, দুখীয়া হ’ব পাৰে, ধনী হ’ব পাৰে কিন্তু মাকৰ কামৰ মৰ্যদা থাকিব লাগে।
সন্তানৰ বাবেই জন্ম হোৱা মাকক নিজ সন্তানেই কেনেকৈ ক’ব পাৰে ‘মাই মাদাৰ হেজ্ ন’ চাৰ্ভিচ’??
গোটেই ক্লাছৰূমটো শান্ত হৈ পৰিছিল। সকলো ছাত্ৰ ছাত্ৰীৰ চকুবোৰ পানীৰে উপচি পৰিছিল। সকলোৰে চকুত মাকৰ মুখখন ভাঁহি আহিছিল। ‘মাকবোৰ ইমান ধুনীয়া’-প্ৰথমবাৰলৈ কিছুমানে বুজি পাইছিল।
শিক্ষয়িত্ৰী গৰাকীয়ে বাক্যশাৰী ৰঙা চিয়াঁহীৰে কাটি দিছিল “মাই মাদাৰ হেজ্ ন’ চাৰ্ভিচ্”!!