এইবাৰ ভুল ভুলইয়া ২ দৰ্শকলৈ আগবঢ়াই দিছে চলচিত্ৰ নিৰ্মাতা সকলে ৷ আনিস বাজমীৰ দ্বাৰা পৰিচালিত আৰু ভূষণ কুমাৰৰ টি-চিৰিজৰ দ্বাৰা প্ৰযোজিত ভুল ভুলইয়াই ২, চলিত বৰ্ষৰ ২০ মে’ত পৰ্দাত মুক্তি লাভ কৰিব।
চলচিত্ৰ খনৰ সদ্য মুক্তি প্ৰাপ্ত ট্ৰেইলাৰটো এটা হান্টিং ট্ৰেক আৰু টাবুৰ এটা সতৰ্কবাণীৰে আৰম্ভ হয় যে এইবাৰ ১৫ বছৰৰ পিছত ভয়ংকৰ ৰূপত মাঞ্জুলিকা ঘূৰি আহিছে । এটা পাৰ্টি মণ্টেজ আৰু হৰে কৃষ্ণ হৰে ৰাম ট্ৰেকৰ পিছত, আমি কাৰ্তিক আৰ্যনক লগ পাওঁ, যিয়ে দাবী কৰে যে তেওঁ মৃত লোকক দেখিব পাৰে। কাৰ্তিক আৰ্যন আৰু কিয়াৰা আদৱানীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু এনেদৰে কাৰ্তিক, টাবু আৰু কিয়াৰাৰ অভিযান আৰম্ভ হয়, যিবোৰ এটা ভুতবাংলাত আৱদ্ধ হৈ আছে। ট্ৰেইলাৰৰ এটা অংশত, কিয়াৰা আদৱানীয়ে কাৰ্তিক আৰ্যনৰ চাৰিওফালে নাচি থকা দৃশ্যই কয় যে তেওঁৱেই মঞ্জুলিকা।
২০০৭ চনৰ জনপ্ৰিয় ভৌতিক কৌতুক ভুল ভুলাইয়াৰ দ্বিতীয় অংশ, য’ত অক্ষয় কুমাৰে মনোৰোগ বিশেষজ্ঞ হিচাপে অভিনয় কৰিছিল। আনহাতে শ্বাইনী আহুজাই তেওঁৰ বন্ধু হিচাপে অভিনয় কৰিছিল আৰু বিদ্যা বালানে অভিনয় কৰিছিল মঞ্জুলিকাৰ চৰিত্ৰত। মঞ্জুলিকা নাইবা অৱনীৰ চৰিত্ৰৰ বাবে তেওঁ সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছিল। ছবিখনত আমিশা পেটেল, পৰেশ ৰাৱাল, মনোজ যোশী, ৰাজপাল যাদৱ আৰু বিক্ৰম গোখলেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।