শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি হোৱা ধৰ্মেন্দ্ৰই সামিজিক মাধ্যমত তেওঁ জীৱনৰ পৰা পোৱা শিক্ষাৰ বিষয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ক্লিপটোত, তেওঁ উল্লেখ কৰিছিল যে এজন ব্যক্তিয়ে অত্যাধিক কাম কৰিব নালাগে আৰু তেওঁলোকে তাৰ সীমা জানিব লাগে।
তেওঁ ভিডিঅ’টোত কৈছিল, “বন্ধুসকল, অত্যাধিক কাম নকৰিব… কামৰ সীমা জনা উচিত, মই এইটো কৰি শিক্ষা পালোঁ।” সম্পূৰ্ণ হাতৰ টি-চাৰ্ট, মাফলাৰ আৰু টুপী পিন্ধি তেওঁ তেওঁৰ অনুৰাগীসকলক পৰামৰ্শ দিছিল। অত্যাধিক পৰিশ্ৰম কৰি মই দুই-চাৰিদিনৰ বাবে চিকিৎসালয়লৈ যাব লগা হৈছিল। যি কি নহওক আপোনালোকৰ শুভকামনা, ঈশ্বৰৰ আশীৰ্বাদ লৈ মই উভতি আহিছোঁ। গতিকে চিন্তা নকৰিব। এতিয়া মই অতি সাৱধান হ’ম। আপোনালোক সকলোকে ভাল পাওঁ।”
আনহাতে তেওঁৰ সহধৰ্মিনী তথা জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনীয়ে টুইট কৰি কয়, “ধৰমজীৰ স্বাস্থ্যৰ বিষয়ে অনুসন্ধান কৰি থকা হাজাৰ হাজাৰ শুভাকাংক্ষীক মই ধন্যবাদ জনাইছো। হয়, তেওঁ কেইদিনমান চিকিৎসালয়ত আছিল কিন্তু তেওঁ এতিয়া সুস্থ আৰু সুকলমে ঘৰলৈ উভতি আহিছে।
ধৰ্মেন্দ্ৰক এই সপ্তাহৰ আৰম্ভণিতে ব্ৰিচ কেণ্ডি হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। “শ্বুটিঙৰ সময়ত অভিনেতা ধৰ্মেন্দ্ৰৰ পিঠিত বিষ হৈছিল, যাৰ পিছত তেওঁক আজিৰ পৰা চাৰি দিন আগতে ভৰ্তি কৰোৱা হৈছিল।
কৰ্মক্ষেত্ৰত, দীৰ্ঘদিন পৰ্দাৰ পৰা আঁতৰি থকাৰ পিছত, ধৰ্মেন্দ্ৰই কৰণ জোহৰৰ ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ৰ যোগেদি প্ৰত্যাৱৰ্তন কৰিব। আলিয়া ভট্ট-ৰণবীৰ সিঙৰ ছবিখনত জয়া বচ্চন আৰু শ্বাবানা আজমীয়েও অভিনয় কৰিব। চলচ্চিত্ৰখন অহা বছৰৰ ১০ ফেব্ৰুৱাৰীত মুক্তি পাব। ধৰ্মেন্দ্ৰই তেওঁৰ পুত্ৰ ছানী দেওল আৰু ববি দেওলৰ সৈতে ‘আপনে ২’ তো সহযোগ কৰিব। ইফালে তেওঁৰ নাতি (ছানিৰ পুত্ৰ) কৰণ দেওলেও ২০০৭ চনৰ জনপ্ৰিয় চলচ্চিত্ৰখনৰ চিকুৱেলত যোগদান কৰিব।