প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে দহিছে উত্তৰ আৰু মধ্য ভাৰত ৷ পাৰাস্তম্ভই অতিক্ৰম কৰিছে ৪৫ ডিগ্ৰী চেলছিয়াছৰ ঘৰ ৷ যাৰ বাবে ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা ৷ কেইবাখনো ৰাজ্যত সালসলনি কৰা হৈছে বিদ্যালয় আৰু কার্যালয় খোলাৰ সময় সূচী ৷ হাৰিয়ানা চৰকাৰে সোমবাৰে এক জাননীৰ জৰিয়তে ৰাজ্যখনত হোৱা গ্ৰীষ্ম প্ৰবাহৰ বাবে বুধবাৰৰ পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ সময় পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আগুৱাই দিয়া হৈছে।হাৰিয়ানাৰ অতিৰিক্ত মুখ্য সচিব ড০ মহাবীৰ সিঙে এক চৰকাৰী বিজ্ঞপ্তিত কয়, “সমগ্ৰ হাৰিয়ানাতে হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ বাবে, সকলো বিদ্যালয়ৰ (চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়) সময় পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সলনি কৰা হৈছে।“
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে উত্তৰ-পশ্চিম ভাৰতৰ বাবে ‘ইয়েল’ সতৰ্কবাণী জাৰি কৰিছে ৷ আইএমডিৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণিয়ে কয় যে তেওঁলোকৰ বিশ্লেষণ অনুসৰি দিল্লী, পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশকে ধৰি ভাৰতৰ বেছিভাগ অঞ্চলত গ্ৰীষ্ম প্ৰৱাহ শেষ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় “আমি আগজাননী দিয়াৰ দৰেই যোৱা ৩০ এপ্ৰিলত উৰিষ্যা আৰু বংগত গ্ৰীষ্ম প্ৰৱাহ নাইকিয়া হৈছিল। অহা দুই-তিনি দিনৰ ভিতৰত তীব্ৰ বতাহ-বৰষুণ হ’ব । আমি উত্তৰ-পশ্চিম ভাৰতক ইয়েল সতৰ্কবাণী দিছো । দিল্লীত মুখ্যতঃ ৩ মে’ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজস্থান, দিল্লী, হাৰিয়ানা আৰু পঞ্জাৱত তীব্ৰ বতাহ-বৰষুণ হ’ব পাৰে ৷”
ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা-চণ্ডিগড়-দিল্লী, দক্ষিণ উত্তৰ প্ৰদেশ, কচ্ছ আৰু পূব ৰাজস্থানৰ বিভিন্ন অংশত তাপমাত্ৰা হ্ৰাস পাব ৷ দিল্লী, হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা-চণ্ডিগড়, পূব ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ কিছু অংশত সোমবাৰৰ পৰা বতৰ আংশিক ডাৱৰীয়া হোৱাৰ আগজাননী দিছে ৷
যোৱা কেইসপ্তাহমানৰ পৰা, দেশৰ কিছু অংশত গ্ৰীষ্ম প্ৰৱাহ হৈ আছে ৷ উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত তাপমাত্ৰা গড় সৰ্বাধিক ক্ৰমান্বয়ে ৩৫.৯ আৰু ৩৭.৭৮ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হৈছে ৷