ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত সংস্কৰণত বহুকেইগৰাকী তাৰকাই নিজৰ প্ৰতিভা প্ৰদর্শন কৰিবলৈ সক্ষম হৈছে ৷ উমৰাণ মালিকৰ পৰা আৰম্ভ কৰি, বহুকেইজনে বলাৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটছমেনসকলক সমস্যাত পেলাইছে চলিত আই পি এলত ৷
এই চর্চিত বলাৰ সকলৰ ভিতৰত এজন হৈছে লক্ষ্ণৌ চুপাৰ জায়ান্টছৰ পেচাৰ মহছিন খান। ২৩ বছৰীয়া যুৱকজনে ৱাংখেডে ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ বিৰুদ্ধে উৎকৃষ্ট প্ৰদর্শন কৰিছিল ৷ তেওঁৰ শৈশৱৰ প্ৰশিক্ষক বদৰুদ্দিন চিদ্দিকীয়ে, মহছিনৰ সৈতে জড়িতকেইবাটাও আকৰ্ষণীয় তথ্য প্ৰকাশ কৰিছে ৷ চিদ্দিকীয়ে মহম্মদ ছামীকো প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ চিদ্দিকীয়ে প্ৰকাশ কৰা অনুসৰি ২৩ বছৰীয়া ক্ৰিকেটাৰজনে লকডাউনৰ সময়ত ছামীৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷ মহছিনক ছামীতকৈ ভাল বলাৰ বুলিও প্ৰশিক্ষকজনে দাবী কৰিছে ৷