আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা ইন্দোৰৰ স্বৰ্ণ বাগ কলনিৰ এটা দুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় যাৰ ফলত ৭ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে ।
আৰক্ষী আয়ুক্ত হৰিনাৰায়ণ চাৰি মিশ্ৰই কয় যে মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা দুমহলীয়া আৱাসিক ভৱনত শনিবাৰে পুৱা এক অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত কমেও সাতজন লোকৰ মৃত্যু হয়, আনহাতে নজনক উদ্ধাৰ কৰা হয়।
ঘটনাস্থলীত উপস্থিত থকা অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মীসকলে কৈছিল যে অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ এই ভয়ংকৰ জুই নিয়ন্ত্ৰণলৈ আনিবল! অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মীসকলক প্ৰায় ৩ ঘণ্টা সময় লাগিছিল।
উক্ত অগ্নিকাণ্ডত নিহত হোৱা সকলক গভীৰ সমবেদনা জ্ঞাপন কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ।মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে কয়, “মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে তেওঁ বিদেহ আত্মাক তেওঁৰ চৰণত স্থান দিয়ক আৰু পৰিয়ালৰ সদস্যসকলক এই গভীৰ দুখ বহন কৰিবলৈ আৰু আহতসকলক দ্ৰুত আৰোগ্য প্ৰদান কৰিবলৈ শক্তি দিয়ক।”