এসপ্তাহৰ ভিতৰকৈ দুবাৰকৈ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে পুনৰ প্ৰচণ্ড মাধমাৰ শোধালে জনতাৰ মূৰত ৷ ঘৰুৱা চিলিণ্ডাৰৰ পুনৰ ৫০টকাকৈ মূল্যবৃদ্ধি হোৱাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে সাধাৰণ ৰাইজৰ ৷ আনহাতে ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়েও জুৰুলা কৰিছে ব্যৱসায়ী সকলক ৷ ৫০টকা বৃদ্ধি পাই প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১০৪৮টকা আৰু ১০২টকা বৃদ্ধিৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’লগৈ ২৩৫৫টকা ৷ এতিয়া প্ৰশ্ন হ’ল প্ৰতিমূহুৰ্ততে পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰখনৰ এয়াই নেকি পৰিৱৰ্তন ? খাতি খোৱা ৰাইজৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ শোধাই শাসনাধিস্থিত চৰকাৰ খনে আনিছে নেকি এই পৰিৱৰ্তন ? এতিয়া মাথোন এটাই চিন্তা মূল্যবৃদ্ধিৰ ভৰত অনাহাৰে দিন কটাব লাগিব নেকি দেশবাসীয়ে ? শ্ৰীলংকাতকৈও ভয়ংকৰ পৰিস্থিতিৰ সন্মূখীন হ’ব নেকি ভাৰত ?