আফগানিস্তানত তালিবানৰ গুলীত প্ৰাণ হেৰুওৱা ভাৰতীয় সাংবাদিক ডেনিছ চিদ্দিকীক ফিচাৰ ফটোগ্ৰাফী শ্ৰেণীত চলিত বর্ষৰ সন্মানীয় পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছে ৷ চিদ্দিকিৰ সৈতে আন তিনিগৰাকী ভাৰতীয়ই এইবাৰ পুলিৎজাৰ বটাঁ লাভ কৰিছে ৷ পুলিৎজাৰ বঁটা ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি চিদ্দিকী আৰু তেওঁৰ সহকৰ্মী আদনান আবিদি, ছান্না ইৰছাদ মাট্টু আৰু অমিত ডাভে সোমবাৰে ঘোষণা কৰা এই বঁটা লাভ কৰে ৷ ক’ভিডৰ সময়ত তোলা ফটোৰ বাবে তেওঁ এই সন্মান লাভ কৰে ৷
উল্লেখ্য যে ৩৮ বছৰীয়া চিদ্দিকী যোৱা বছৰ আফগানিস্তানত কর্তব্যৰত সময়ত মৃত্যু হৈছিল। বঁটা বিজয়ী সাংবাদিকজন যোৱা জুলাইত কান্দাহাৰ চহৰৰ স্পিন বোল্ডক জিলাত আফগান সৈন্য আৰু তালিবানৰ মাজত সংঘৰ্ষৰ ফটো তুলিবলৈ যোৱাৰ সময়ত নিহত হৈছিল।
দ্বিতীয়বাৰৰ বাবে চিদ্দিকীয়ে এইবাৰ পুলিৎজাৰ বঁটা লাভ কৰিছে। তেওঁক ২০১৮ চনত ৰহিংগীয়া সংকটৰ ফটোৰ বাবে ৰয়টাৰ দলৰ অংশ হিচাপে সন্মানীয় বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁ আফগানিস্তান সংঘৰ্ষ, হংকঙৰ প্ৰতিবাদ আৰু এছিয়া, মধ্য প্ৰাচ্য আৰু ইউৰোপৰ অন্যান্য গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ ফটো তুলি বিশ্ববাসীৰ সন্মুখত প্ৰকাশ কৰিছিল ৷ চিদ্দিকীয়ে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা অৰ্থনীতিত ডিগ্ৰী লাভ কৰিছিল। তেওঁ ২০০৭ চনত জামিয়াৰ এজেকে গণ যোগাযোগ গৱেষণা কেন্দ্ৰৰ পৰা সাংবাদিকতা বিষয়ত ডিগ্ৰী লাভ কৰিছিল।তেওঁ দূৰদৰ্শনৰ বাতৰি সংবাদদাতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পাছলৈ ফটো সাংবাদিকতাত গুৰুত্ব প্ৰদান কৰে ৷ ২০১০ চনত ৰয়টাৰত এজন ইণ্টাৰ্ন হিচাপে যোগদান কৰিছিল। লছ এঞ্জেলছ টাইমছৰ মাৰ্কাছ য়ামে ব্ৰেকিং নিউজ ফটোগ্ৰাফী শ্ৰেণীত বঁটা লাভ কৰিছে ৷