ভাৰতৰ অভ্যন্তৰীন বিষয়ত মাত নামাতিবলৈ পাকিস্তানক পুনৰ সকীয়াই দিছে ভাৰতে ৷ জম্মু-কাশ্মীৰত সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিবলৈ ভাৰত চৰকাৰে লোৱা পদক্ষেপৰ বিৰুদ্ধে পাকিস্তানৰ সংসদত গ্ৰহণ কৰা প্ৰস্তাৱ ভাৰতে নাকচ কৰিছে। এক বিবৃতিত বৈদেশিক মন্ত্ৰালয়ে কয় যে” ভাৰতৰ ভূখণ্ডৰ অন্তর্গত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত সীমা নিৰ্ধাৰণৰ অনুশীলনৰ বিষয়টোক লৈ পাকিস্তানৰ সংসদে গৃহীত কৰা হাস্যকৰ প্ৰস্তাৱ আমি নাকচ কৰিছো।পাকিস্তানৰ অবৈধ আৰু বলপূৰ্বক দখলৰ অধীনত থকা ভাৰতীয় ভূখণ্ডসমূহকে ধৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়সমূহৰ ওপৰত হস্তক্ষেপ কৰিবলৈ পাকিস্তানৰ কোনো কতৃত্ব নাই ৷”
বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে অর্গেনাইজেচন অৱ ইছলামিক ক’অপাৰেচনৰ(অ’আইচি) “অযুক্তিকৰ” মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰি “সাম্প্ৰদায়িক বাতাবৰন” সৃষ্টিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷ তেওঁ কয় – “অ’আই চিয়ে পুনৰবাৰ এই বিষয়ত অযুক্তিকৰ মন্তব্য কৰিছে ৷ ভাৰতৰ এক অবিচ্ছেদ্য অংশ জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ওপৰত অ’আইচিয়ে কৰা দাবীক ভাৰত চৰকাৰে তীব্ৰভাৱে নাকচ কৰিছে। তেওঁ লগতে কয় যে অ’আইচিয়ে এখন দেশৰ নিৰ্দেশত ভাৰতৰ বিপৰীতে নিজৰ সাম্প্ৰদায়িক কাৰ্যসূচী ৰূপায়ণৰ পৰা বিৰত থাকিব লাগে।