এই বছৰৰ শেষৰ ফালে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে বলীউডৰ অন্যতম চৰ্চিত দম্পতী অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা । ২০১৯ চনত অৰ্জুনৰ ৩৪ তম জন্মদিনৰ পিছৰে পৰাই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক গাঢ় হৈ পৰা দেখা যায় আৰু এতিয়া কেইবাটাও বছৰৰ সম্পৰ্কৰ পিছত দম্পতীহালে অৱশেষত বিয়াত বহাৰ পৰিকল্পনা কৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি অৰ্জুন আৰু মালাইকাই এই বছৰৰ নৱেম্বৰ বা ডিচেম্বৰ মাহত বিয়াৰ পৰিকল্পনা কৰিছে।
বিবাহ পাশত আবদ্ধ হৈ তেওঁলোকৰ সম্পৰ্কত এখোজ আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লৈছে যুটিটোৱে। যুটিটো মুম্বাইত আটাইতকৈ বেছি শীতৰ সময়চোৱাত বিয়াত বহিব। মালাইকা আৰু অৰ্জুন দুয়ো শীতৰ বতৰ ভাল পায় আৰু সেয়েহে তেওঁলোকে নৱেম্বৰ বা ডিচেম্বৰত তাৰিখটো চূড়ান্ত কৰাৰ আৰু বন্ধু আৰু পৰিয়ালৰ মাজত এক অন্তৰংগ বিবাহ অনুষ্ঠান কৰাৰ সিদ্ধান্ত লৈছে।
সৰলতাক বিশ্বাস কৰা যুটিটোৱে তেওঁলোকৰ বিয়া পঞ্জীয়ন কৰাৰ পিছত একেবাৰে নিকটতম মানুহখিনিক লৈ এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব। মালাইকা আৰু অৰ্জুন দুয়ো কেইবছৰমান আগতে প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাইছিল আৰু বৰ্তমানো এজন আনজনৰ বাবে শক্তিৰ স্তম্ভ হৈ আছে। আগতে, মালাইকা আৰবাজ খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁৰ সৈতে আৰহান নামৰ এজন পুত্ৰ আছে মালাইকাৰ ।