তৃণমূল কংগ্ৰেছৰ বীৰভূম জিলাৰ সভাপতি অনুব্ৰত মণ্ডলে আজি পুৱা পশ্চিম বংগত গৰু চোৰাং ব্যৱসায়ৰ গোচৰৰ চলিত তদন্ত সন্দৰ্ভত চমন এৰাই চলি কলকাতাৰ চিবিআই কাৰ্যালয়ত উপস্থিত হয় ৷ পুৱা ৯:৫০ বজাত কলকাতাৰ কেন্দ্ৰীয় তদন্ত সংস্থাৰ নিজাম পেলেচ কাৰ্যালয়ৰ দুৰ্নীতি বিৰোধী শাখাত উপস্থিত হৈছিল মণ্ডল।
জানিব পৰা মতে চিবিআইৰ ওচৰত এনে কিছু কল ৰেকৰ্ড আৰু নথিপত্ৰ আছে যাৰ ভিত্তিত মণ্ডলক সোধা-পোছা কৰা হ’ব। টিএমচি নেতাজনে ২১ মে’লৈকে তেওঁলোকৰ পৰা সময় বিচৰাৰ পিছত প্ৰথমবাৰৰ বাবে আজি হাজিৰ হৈছে চিবিআইৰ সন্মুখত ।
কলিকতা উচ্চ ন্যায়ালয়ে যোৱা মাহত গৰু চোৰাং ব্যৱসায়ৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতেই মণ্ডলক কোনো সুৰক্ষা ব্যৱস্থা নল’বৰ আদেশ দিয়াৰ পিছতে চিবিআইয়ে চমন জাৰি কৰিছিল ৷ উল্লেখযোগ্য যে ৬ এপ্ৰিলত, মণ্ডলক চৰকাৰী এছএছকেএম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ২২ এপ্ৰিলত ডিচচাৰ্জ কৰা হৈছিল। তেতিয়াৰ পৰা, চিবিআইয়ে তেওঁৰ নামত দুবাৰকৈ চমন জাৰি কৰিছিল – এবাৰ গৰু চোৰাং ব্যৱসায়ৰ গোচৰৰ সন্দৰ্ভত আৰু আন বাৰ বংগত নিৰ্বাচনোত্তৰ হিংসাৰ বাবে।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিশ্বস্ত ৬১ বছৰীয়া টিএমচিৰ শক্তিশালী নেতা অনুব্ৰত মণ্ডল । ২০২০ চনৰ ২১ ছেপ্টেম্বৰত চিবিআইয়ে পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তত অবৈধ গৰু ব্যৱসায়ৰ সন্দৰ্ভত বিএছএফৰ কমাণ্ডেণ্ট সতীশ কুমাৰ আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
তদন্তৰ সময়ত অনুব্ৰত মণ্ডলৰ নাম উত্থাপিত হৈছিল আৰু চিবিআইয়ে দীৰ্ঘদিন ধৰি তেওঁক প্ৰশ্ন কৰিবলৈ চেষ্টা কৰি আছিল।