পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৷ বৃহস্পতিবাৰে ঘৰুৱা ৰন্ধন গেছ এল পি জিৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৩.৫০ বৃদ্ধি কৰা হৈছে। মে’ মাহত এয়া হৈছে দ্বিতীয়টো বৃদ্ধি ৷ ইয়াৰ লগে লগে প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১০০০ টকা অতিক্ৰম কৰিলে ৷ৰাজ্যিক ইন্ধন খুচুৰা বিক্ৰেতাসকলৰ মূল্য অধিসূচনা অনুসৰি দিল্লীত এতিয়া ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ মূল্য প্ৰতি ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰত ১০০৩ টকা হ’ব ৷ ৭ মে’ত প্ৰতি চিলিণ্ডাৰত ৫০ টকা বৃদ্ধিৰ কৰা হৈছিল ৷ ইয়াৰ পূৰ্বে ২২ মাৰ্চত একে পৰিমাণ মূল্য প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি কৰা হৈছিল। তদুপৰি ১ মে’ত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকা বৃদ্ধি পাই ২,৩৫৫.৫০ টকা হৈছিল ৷
দিল্লীত ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম এতিয়া ২৩৫৫.৫০ টকা ৷ আনহাতে মুম্বাইত এই মূল্য হৈছে ২৩০৭ টকা ৷ মূল্য সংযোজিত কৰ (ভেট) আৰু অন্যান্য কৰসমূহৰ বাবে এল পি জি চিলিণ্ডাৰৰ মূল্য চহৰসমূহৰ মাজত ভিন্ন হয়।ৰাছিয়া-ইক্ৰেইন যুদ্ধ আৰু বিশ্বব্যাপী যোগানৰ উদ্বেগৰ পটভূমিত এই হাৰ বৃদ্ধি পাইছে।