আজি পাটিয়ালা আদালতত অত্মসমৰ্পন কৰিব পাঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ জনপ্ৰিয় খেলুৱৈ নৱজোৎ সিং সিদ্ধুৱে ৷৩৩বছৰীয়া পুৰণি এটা হত্যাৰ গোচৰত জে’ললৈ যাব লাগিব নৱজোৎ সিং সিদ্ধু ৷ সিদ্ধুক হত্যাৰ গোচৰত এবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছে উচ্চতম ন্যায়ালয়ে ৷ ৩৩বছৰ পূৰ্বে সিদ্ধুৰ আক্ৰমণত নিহত হৈছিল গুৰনাম সিং নামৰ এজন লোক ৷
১৯৮৮চনৰ ২৭ডিচেম্বৰত সংঘটিত হৈছিল এই ঘটনা ৷ কাৰ পাৰ্কিঙক লৈ গুৰনাম সিঙৰ সৈতে হতাহতি হৈছিল সিদ্ধুৰ আৰু অৱশেষত সিদ্ধুৰ আক্ৰমণত নিহত হৈছিল গুৰনাম সিং নামৰ লোকজন ৷
৩৩বছৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনাৰ আলমত সিদ্ধুৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া মোকৰ্দমা চলি আছিল আৰু কালি উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা দিয়ে যে নৱজোৎ সিঙে এবছৰ কাৰাবাস খাটিব লাগিব ৷ হত্যাৰ গোচৰত সিদ্ধুক এবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছে উচ্চতম ন্যায়ালয়ে৷
২০১৮ চনত, সিদ্ধু উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল, যিয়ে উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি কৈছিল যে মানুহজনৰ এটা আঘাতত মৃত্যু হোৱাৰ কোনো প্ৰমাণ নাই। কিন্তু ই সিদ্ধুক এজন জ্যেষ্ঠ নাগৰিকক আঘাত দিয়াৰ বাবে দোষী সাব্যস্ত কৰিছিল।