পেগাছাছ ছফটৱেৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে চোৰাংচোৱা কৰি অহা বুলি উত্থাপিত অভিযোগ সন্দর্ভত উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা কাৰিকৰী কমিটীক তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ আৰু চাৰি সপ্তাহ সময় প্ৰদান কৰা হয়।
মুখ্য ন্যায়াধীশ এন ভি ৰমনৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে মে’ মাহৰ শেষৰ ফালে কাৰিকৰী সমিতিৰ দ্বাৰা তদন্ত প্ৰক্ৰিয়া শেষ হ’ব আৰু ইয়াৰ পাছত তত্বাৱধায়ক ন্যায়াধীশক অৱগত কৰিব লাগিব ৷ তত্বাৱধায়ক ন্যায়াধীশে কাৰিকৰী সমিতিৰ প্ৰতিবেদন অধ্যয়ন কৰি চূড়ান্ত কৰিব আৰু ২০ জুনৰ ভিতৰত আদালতত দাখিল কৰিব লাগিব এই প্ৰতিবেদন ৷
কাৰিকৰী কমিটীয়ে শীৰ্ষ আদালতক জনোৱা মতে, তেওঁলোকে ২৯টা মোবাইল ফোনত স্পাইৱেৰ পৰীক্ষা কৰিছে লগতে একাংশ আবেদনকাৰী, কৰ্মী আৰু সাংবাদিকৰ বক্তব্যও ৰেকৰ্ড কৰিছে।শীৰ্ষ আদালতে জুলাইত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব ৷ উচ্চতম ন্যায়ালয়ে ২০২১ চনৰ অক্টোবৰ মাহত স্পাইৱেৰৰ ব্যৱহাৰৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছিল।