হেলমেট পৰিধান নকৰিলে ৰাজপথত কঠোৰ জৰিমনাৰ সন্মুখীন হ’বলগীয়া হয় দুচকীয়া বাহন চালকসকল ৷ শেহতীয়াকৈ বাইকত চালকৰ লগতে আৰোহীয়ে হেলমেট পৰিধান নকৰিলে জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে ৷ কিন্তু আপুনি জানেনে হেলমেট পৰিধানৰ পাছতো আপুনি সন্মুখীন হ’ব পাৰে জৰিমনাৰ ৷ যান বাহন আইনখনৰ শেহতীয়া সংশোধন অনুসৰি দুচকীয়া বাহন চলোৱা লোকসকলে সঠিকভাৱে হেলমেট নিপিন্ধিলে ২০০০ টকা পর্যন্ত জৰিমনা ভৰিব লগীয়া হ’ব পাৰে ৷ এতিয়াৰ পৰা বাইক আৰোহী সকলে আই এছ আই মার্ক পৰিধান নকৰা হেলমেট পৰিধান কৰিলেও ভৰিব লাগিব জৰিমনা ৷ সেইদৰে বাইক আৰোহীয়ে হেলমেটৰ সৈতে থকা ‘ষ্ট্ৰিপ’(ফিটা) মাৰিহে বাইক চলোৱাটো বাধ্যতামূলক ৷ এই ‘ষ্ট্ৰিপ’ খোলা থাকিলে আপোনাক যান বাহন আৰক্ষীয়ে বিহিব পাৰিব জৰিমনা ৷
যান বাহন আইনৰ ১৯৪ ডি ধাৰা অনুসৰি এই জৰিমনা বিহিব পাৰে আৰক্ষীয়ে ৷ ইয়াৰ বাবে সর্বাধিক এহেজাৰ টকা জৰিমনা প্ৰদান কৰাৰ লগতে তিনি মাহৰ বাবে লাইচেন্স কর্তন কৰিব পাৰে ৷ যান বাহন আইন, ১৯৯৮ৰ ধাৰা ১২৯ত কোৱা হৈছে যে “যিকোনো শ্ৰেণীৰ মটৰ চাইকেল চলোৱা বা আৰোহন কৰা প্ৰতিজন ব্যক্তিয়ে ৰাজহুৱা স্থানত থকাৰ সময়ত ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ মানদণ্ড অনুসৰি সুৰক্ষামূলক হেডগিয়াৰ পিন্ধিব লাগিব, আৰু সুৰক্ষিতভাৱে বান্ধি ৰাখিব লাগিব ৷”
২০২১ চনৰ ১ জুনৰ পৰা আইএছআই স্বীকৃতি নথকা ব্ৰেণ্ডেড হেলমেট নিষিদ্ধ কৰা হৈছে যদিও ডিঅ’টি, স্নেল বা ইচিইৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰমাণপত্ৰ থকা আমদানিকৃত হেলমেটৰ কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।