ডিচেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নিজৰ গৃহ ৰাজ্য গুজৰাটলৈ দুদিনীয়া ভ্ৰমণসূচীৰে আজি উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কাম কৰা ডাবল ইঞ্জিন চৰকাৰে উন্নয়নৰ নতুন উচ্চতালৈ লৈ গৈছে গুজৰাটক।
শনিবাৰে ৰাজকোট জিলাৰ আটকোটত শ্ৰী পেটেল সেৱা সমাজে নিৰ্মাণ কৰা নৱনিৰ্মিত মতুশ্ৰী কেডিপি মাল্টিস্পেচিয়েলিটি হাস্পতাল উদ্বোধন কৰাৰ পিছতে এক বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে এই চিকিৎসালয়খন সৌৰাষ্ট্ৰৰ স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে কৰা হৈছে ৷ ই জনসাধাৰণৰ জীৱন উন্নত কৰাৰ প্ৰচেষ্টাৰ বাবে চৰকাৰী আৰু ব্যক্তিগতৰ মাজত থকা সহযোগিতাৰ উদাহৰণ।এনডিএ চৰকাৰৰ আঠ বছৰ সফলভাৱে সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে তেওঁক জাতি সেৱাৰ সুযোগ দিয়াৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে ৷
মোদীয়ে কয় “চৰ্দাৰ আৰু মহাত্মা গান্ধীৰ এই ভূমিত যোৱা আঠ বছৰত আমি ভুলতো এনে কোনো কাম কৰা নাই বা হ’বলৈ দিয়া নাই যাৰ বাবে আপুনি বা এই দেশৰ আন কোনো নাগৰিকে লাজত শিৰনত কৰিবলগীয়া হৈছে ৷ এই বছৰবোৰত দৰিদ্ৰ লোকৰ সেৱা, সুশাসন আৰু ‘দৰিদ্ৰৰ কল্যাণ’ক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে।’ তেওঁ কয় যে ‘সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস’ মন্ত্ৰই জাতিটোক উন্নয়নৰ বাবে আগবঢ়াই নিছে ৷ তেওঁ কয়, ‘আমি সকলো সা-সুবিধা যাতে ৰাইজৰ বাবে উপলব্ধ কৰা হয় তাৰ বাবে আমি কাম কৰি আছো। বৈষম্য আৰু দুৰ্নীতিৰ কোনো পৰিসৰ নাই। যোৱা আঠ বছৰত আমি বাপু আৰু চৰ্দাৰৰ সপোনৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো।’-