আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দ্বাদশ সংস্কৰণত শেহতীয়াকৈ সোণৰ পদক দখল কৰা নিখাত জাৰীনক শুকুৰবাৰে হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয়।তেলেংগানাৰ মন্ত্ৰী শ্ৰীনিবাস গৌড় আৰু ভেমুলা প্ৰশান্ত ৰেড্ডী আৰু তেলেংগানা ৰাজ্যৰ ক্ৰীড়া প্ৰাধিকৰণৰ অধ্যক্ষ এ ভেংকটেশ্বৰ ৰেড্ডীয়ে নিখাত জাৰীনক আদৰণি জনায়।
বিমানবন্দৰত বিষয়াসকলে এছা সিং আৰু গুগুলোথ সৌম্যকো আদৰণি জনায়। জাৰ্মানীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত দলীয় ইভেণ্টত এছাই তিনিটা সোণৰ পদক লাভ কৰাৰ বিপৰীতে, সৌমিয়াই গোকুলাম কেৰেলা মহিলা দলৰ সৈতে ভাৰতীয় মহিলা লীগৰ চেম্পিয়নশ্বিপ লাভ কৰে।
বিশ্ব চেম্পিয়নৰ মুকুট পিন্ধা পঞ্চমগৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছে নিখাত জাৰীন ৷ ফাইনেলত ৫-০ গ’লত আধিপত্য বিস্তাৰ কৰি বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছে নিখাত জাৰিনে (৫২ কেজি)।তেওঁ এই খিতাপ দখল কৰা পঞ্চমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। আন চাৰিগৰাকী বক্সাৰ হৈছে ছয়বাৰৰ চেম্পিয়ন মেৰী কম (২০০২, ২০০৫, ২০০৬, ২০০৮, ২০১০, আৰু ২০১৮) সৰিতা দেৱী (২০০৬), জেনী আৰ এল (২০০৬), আৰু লেখা কে চি (২০০৬)। ভৱিষ্যতৰ লক্ষ্যৰ সন্দর্ভত জাৰিনে কয় যে পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ তেওঁ লক্ষ্য ৰাখিছে। তেলেংগানা চৰকাৰে তেওঁক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে