হজৰত মহম্মদ আৰু ইছলামৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্যৰ বাবে বিজেপিৰ দুই নিলম্বিত মুখপাত্ৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৷ নুপূৰ শর্মা আৰু নবীন জিন্দালৰ লগতে এজন ৰাষ্ট্ৰীয় টেলিভিছনৰ সাংবাদিকৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ, উচটনি দিয়া, সমাজৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰাকে ধৰি কেইবাটাও অভিযোগত গোচৰ ৰুজু কৰা হৈছে ৷ এই সন্দর্ভত দাখিল কৰা দুখন এজাহাৰত এজন সাংসদ, ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী, ধৰ্মীয় সংগঠনৰ সদস্যৰ নামো উল্লেখ কৰা হৈছে ৷
উল্লেখযোগ্য যে নিলম্বিত বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মা আৰু দলটোৰ দিল্লী মিডিয়া চেলৰ মুৰব্বী নবীন কুমাৰ জিন্দালৰ আপত্তিজনক আৰু সাম্প্ৰদায়িক মন্তব্যক বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশে গৰিহণা দিছে ৷ আনকি এই দেশসমূহৰ সৈতে অৱনতি ঘটিছে ভাৰতৰ ৷ ইয়াৰ পাছতে দুয়োজনকে দলৰ পৰা নিলম্বিত কৰা হৈছে ৷ দিল্লী আৰক্ষীয়ে এআইআইএমআইএমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেছি, আৰু হৰিদ্বাৰত ঘৃণামূলক ভাষণ প্ৰদানৰ গোচৰত জামিনত থকা যতী নৰসিংহানন্দৰ নামো এজাহাৰত উল্লেখ কৰা হৈছে ৷ ১৬খনতকৈও অধিক দেশে বিজেপি নেতা দুগৰাকীৰ মন্তব্যক তীব্ৰ সমালোচনা কৰাৰ ঠিক পিছতেই এই গোচৰ ৰুজু কৰা হৈছে ৷ ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ২৯৫, আৰু ৫০৫ নং ধাৰা আৰোপ কৰা হৈছে গোচৰটোত ।