ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত উত্তৰ প্ৰদেশত দেশৰ ভিতৰতে সর্বাধিক লোকৰ মৃত্যু হৈছে ৷ ২০২০ চনত সমগ্ৰ দেশতে সংঘটিত পথ দুৰ্ঘটনা সন্দর্ভত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশ কৰা ‘২০২০ বর্ষৰ ভাৰতত পথ দূর্ঘটনা’ শীর্ষক প্ৰতিবেদনত সদৰী কৰা হৈছে এই তথ্য ৷ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০২০ চনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৩,৬৬,১৩৮ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ ইয়াৰে, ১,১৬,৪৯৬ (৩১.৮২%) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ৷ য’ত ৪৭,৯৮৪ (৩৬.৪৩%)জন লোক নিহত হোৱাৰ লগতে ১,০৯,৮৯৮ (৩১.৫৫%)জন লোক আহত হৈছে।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ঘাইপথসমূহত অধিক দুৰ্ঘটনাৰ কাৰণ বাহনৰ অত্যাধিক গতিবেগ আৰু অধিক বাহনৰ চলাচল ৷ প্ৰতিবেদন অনুসৰি উত্তৰপ্ৰদেশৰ পিছতে মহাৰাষ্ট্ৰ (৭.৪%),কৰ্ণাটক (৬.৯%)ত সর্বাধিক পথ দুর্ঘটনা সংঘটিত হৈছে ৷ তামিলনাডুত ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হৈছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত ১৫,২৬৯টা (১৩.১%) দুৰ্ঘটনাৰে একেৰাহে পঞ্চম বছৰৰ বাবে তামিলনাডুৱে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে উত্তৰ প্ৰদেশ ১৩,৬৯৫ (১১.১%), কৰ্ণাটক ১১,২৩০ (৯.৬%), মধ্যপ্ৰদেশ ৯,৮৬৬ (৯.৬%)টা দুর্ঘটনা সংঘটিত হৈছে ৷ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২০ চনত উত্তৰ প্ৰদেশৰ ঘাইপথত ১৩,৬৯৫ টা পথ দুৰ্ঘটনাত ৭,৮৫৯ জন লোকৰ মৃত্যু হৈছিল ৷ যাৰ ফলত মাৰাত্মক দুৰ্ঘটনাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে আটাইতকৈ ভয়াৱহ ৰাজ্য হিচাপে পৰিগণিত হৈছে।