অহা ২৪ জুলাইত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল সমাপ্ত হ’ব ৷ ভাৰতীয় নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে আগন্তুক ৰাষ্ট্ৰপতি নির্বাচনৰ দিন ঘোষণা কৰে ৷ সেইমর্মে ১৮ জুলাইত দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২১ জুলাইত ভোট গণনা কৰা হ’ব ৷
প্ৰায় ৪৮ শতাংশ ভোট থকা শাসনাধিষ্ঠিত এনডিএৰ মনোনীত ব্যক্তিজনে ওড়িশাৰ বিজেডি আৰু অন্ধ্ৰপ্ৰদেশৰ ৱাইএছআৰচিপিৰ দৰে কিছুমান বন্ধুত্বপূৰ্ণ দলৰ সহায়ত ৰাষ্ট্ৰপতি পদৰ দৌৰত জয়ী হ’ব সেয়া পূৰ্বনিৰ্ধাৰিত সিদ্ধান্ত। কিন্তু যোৱাবাৰৰ দৰে প্ৰতিদ্বন্দ্বিতা নিশ্চিত কৰিবলৈ চেষ্টা কৰিছে বিৰোধীয়ে।
কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৰাষ্ট্ৰপতি পদৰ সর্বসন্মত প্ৰাৰ্থী বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ নেত্ৰী মমতা বেনাৰ্জী আৰু এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ সৈতে কথা পাতে। ইতিমধ্যে তেওঁ চি পি এমৰ সীতাৰাম য়েচুৰীৰ দৰে আন নেতাৰ সৈতেও কথা পাতিছে। জানিব পৰা মতে, গান্ধীয়ে নিৰ্বাচনৰ বাবে ৰাজ্যসভাৰ বিৰোধী নেতা মল্লিকাৰজুন খৰ্গে তেওঁৰ দলৰ হৈ পচণ্ডৰ প্ৰার্থী হ’ব পাৰে বুলি উল্লেখ কৰিছে ৷
বিৰোধী শিবিৰৰ সূত্ৰই জনোৱা মতে, সর্বসন্মত প্ৰাৰ্থী বিচাৰিবলৈ বিৰোধী দলসমূহৰ মাজত আলোচনা চলি আছে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এনচিপি, শিৱসেনা আৰু বাওঁপন্থী দলৰ শীৰ্ষ নেতাসকলে মত বিনিময় কৰিছে। অৱশ্যে এই ক্ষেত্ৰত এতিয়াও আনুষ্ঠানিক বৈঠক আয়োজন কৰা হোৱা নাই ৷ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰক বিৰোধীয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰার্থী হিচাপে সমৰ্থন জনাইছিল যদিও এইবাৰ দলটোৱে কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।