দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰ দাক ম’ষ্ট ৱাণ্টেড ঘোষণা কৰা হৈছে ৷ সন্ধান দিওঁতা জনক ১০ লাখ টকাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ’ব বুলি জনাইছে ‘নিয়া’ই ৷ পূৰ্বতে গোলাঘাটৰ পৰা নিআই গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামীক।
সব্যসাচীৰ সন্ধান দিওঁতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ উপৰিও সন্ধান দিওঁতাজনৰ সম্পূৰ্ণ নাম ঠিকনা গোপনে ৰাখিব বুলিও জানিবলৈ দিছে ‘নিয়া’ই। সব্যসাচীৰ বিৰুদ্ধে কাছাৰ জিলাত ৰুজু হৈ আছে আৰ ছি নম্বৰ ০১/২০২২ গোচৰ । পূৰ্বে গোলাঘাটৰ পৰা ‘নিয়া’ই গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰ দাক।