শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যসভাৰ নির্বাচনত উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি ৷ মুঠ ১৬খন আসনত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা হোৱা চাৰিখন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যত বিজেপিয়ে জয়লাভ কৰে। ৰাজস্থানত কংগ্ৰেছে তিনিখন আসনত জয়লাভ কৰে যদিও হাৰিয়ানাত বিপৰ্যয়ৰ সন্মুখীন হৈছিল। একেদৰে মহাৰাষ্ট্ৰত শাসকীয় মিত্ৰজোঁট জোকাৰণিৰ সন্মুখীন হ’বলগীয়া হয়।
মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান আৰু হাৰিয়ানাত অনুষ্ঠিত নির্বাচনত ক্ৰছ ভোটিঙ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ আনকি ক্ৰছ ভোটিং আৰু নিয়ম উলংঘাৰ অভিযোগৰ বাবে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত আঠ ঘণ্টাৰো অধিক সময় ধৰি ভোট গণনা বন্ধ ৰাখিবলগীয়া হয় ৷ মহাৰাষ্ট্ৰত মিত্ৰজোঁটে তিনিখন আসন আৰু বিজেপিয়ে তিনিখন আসন লাভ কৰে।হাৰিয়ানাত দুখন আসনৰ ভিতৰত এখন আসন বিজেপিয়ে লাভ কৰে ৷
ৰাজস্থানত কংগ্ৰেছে ৰাজ্যসভাৰ চাৰিখন আসনৰ ভিতৰত তিনিখন আসন লাভ কৰে ৷ ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰে এখন আসন।বিজেপিৰ সমর্থিত মিডিয়া বেৰন সুভাষ চন্দ্ৰাৰ পৰাজয় হয় । কৰ্ণাটকত বিজেপিয়ে তিনিখন আৰু কংগ্ৰেছে এখন আসন লাভ কৰে। চাৰিখন আসনৰ ভিতৰত বিজেপিৰ নিৰ্মলা সীতাৰমণ, জগেশ আৰু লেহৰ সিং চিৰোয়াই তিনিখন আসন দখল কৰাৰ বিপৰীতে বাকী এখন আসন কংগ্ৰেছৰ জয়ৰাম ৰমেশে জয়লাভ কৰে।
ৰাজ্যসভাত ১৫ খন ৰাজ্যৰ ৫৭ খন আসন খালী হৈ পৰিছিল। সৰ্বাধিক ১১ খান আসন খালী হৈছিল উত্তৰ প্ৰদেশত। ইয়াৰ পিছতে আছে মহাৰাষ্ট্ৰ আৰু তামিলনাডুত৬ খন , বিহাৰত ৫ খন , কৰ্ণাটক, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশত ৪ খন , মধ্যপ্ৰদেশ আৰু ওড়িশাত ৩ খন পঞ্জাৱ, ঝাৰখণ্ড, হাৰিয়ানা, ছত্তীশগড় আৰু তেলেংগানা ২ খন আৰু উত্তৰাখণ্ডৰ পৰা এখন আসন খালী হৈছিল । বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ৪১ জন প্ৰাৰ্থী ৷