মধ্যপ্ৰদেশৰ জবলপুৰত স্বামীয়ে পত্নীক হত্যা কৰি আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ৩০ বছৰীয়া যুৱকজনে পত্নীক এখন কেঁচীৰে হানি ঘুচি হত্যা কৰে ৷ ইয়াৰ পাছতে একেখন কেঁচীৰে নিজকে হত্যা কৰে ৷ কিন্তু পত্নীক এনেদৰে হত্যা কৰাৰ আঁৰৰ কাৰণ জানিলে আপুনিও আচৰিত হ’ব ৷ প্ৰাপ্ত তথ্য অনুসৰি যুৱকজনক বাৰম্বাৰ কামলৈ যাবলৈ কৈ থকাৰ বাবে তেওঁ পত্নীক হত্যা কৰে ৷
ৰাঞ্জী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাহদেৱৰাম ছাহুৱে জনোৱা মতে, শুকুৰবাৰে জবলপুৰত থকা তেওঁলোকৰ ঘৰত বিভোৰ ছাহুক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে তেওঁৰ পত্নী ৰিতু (২৩)ক তেজেৰে তুমুৰলি হৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়।
ঘটনা সংঘটিত হোৱাৰ সময়ত বিভোৰ ছাহুৰ মাতৃ আৰু ভাতৃয়ে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ওলাই গৈছিল, আৰু ঘৰলৈ উভতি অহাৰ লগে লগে দম্পতীহালক মৃত অৱস্থাত উদ্ধাৰ কৰিছিল।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুযায়ী বিভোৰ ছাহু পেছাত এজন চালক আছিল আৰু যোৱা ১৫ দিন ধৰি কামলৈ যোৱা নাছিল। যাৰ বাবে তেওঁৰ পত্নীয়ে বাৰে বাৰে কৰ্মস্থলীলৈ যাবলৈ কৈছিল ৷ ইয়াক লৈ দুয়োৰে মাজত হোৱা তীব্ৰ বাক বিতণ্ডাৰ পাছতে বিভোৰ ছাহুৱে নিজৰ পত্নীক কেঁচিৰে আঘাত কৰাৰ লগতে পিছত নিজকে হত্যা কৰে ৷ এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে।