ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধই অতিক্ৰম কৰিলে এশ দিন ৷ ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ বহু অঞ্চল একপ্ৰকাৰ ধংসস্তুপত পৰিণত হৈছে ৷ ইয়াৰে মাজতে প্ৰাণ হেৰুৱাইছে ইউক্ৰেইনৰ সেনা আৰু সাধাৰণ নাগৰিকে ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ উপদেষ্টাই কয় যে যুদ্ধৰ প্ৰথম ১০০ দিনত ইউক্ৰেইনৰ ১০ হাজাৰ সেনাৰ মৃত্যু ঘটিছে ৷ ছ’চিয়েল মিডিয়াৰ এক সাক্ষাৎকাৰত অলেক্সি আৰেষ্ট’ভিচে অনুমান কৰিছে যে ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ পক্ষৰ তুলনাত গড়ে পাঁচৰ পৰা ছয়গুণ বেছি সেনা হেৰুৱাইছে।
ইফালে, ইউক্ৰেইনে পশ্চিমীয়া দেশসমূহক দেশখনৰ পূব দিশত ৰাছিয়ান বাহিনীয়ে আক্ৰমণ কৰাৰ লগে লগে অস্ত্ৰ-শস্ত্ৰ দ্ৰুতভাৱে যোগান ধৰাৰ বাবে অনুৰোধ জনাইছে ৷ লগতে মাৰাত্মক ৰোগৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে যুঁজিবলৈ মানৱীয় সহায়ৰ বাবে অনুৰোধ জনাইছে। ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱাৰ উপ-মূৰব্বী ভাডিম স্কিবিটস্কিয়ে ব্ৰিটেইনৰ গাৰ্ডিয়ান কাকতক কয় যে এতিয়া সকলো নিৰ্ভৰ কৰে পশ্চিমীয়া দেশসমূহে তেওঁলোকক কিদৰে সহায় কৰে ।
পূব ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ তীব্ৰতৰ হৈছে ৷ মাৰিউপলৰ মেয়ৰে কয় যে অঞ্চলটোত অনাময় ব্যৱস্থা বিধ্বস্ত হৈ পৰিছে আৰু ৰাজপথত মৃতদেহ পচি গৈছে।