ব্ৰিটিছ দৌৰবিদ ৰিকি লাইটফুটে প্ৰমাণ কৰিছে যে উদ্যম আৰু সাহস থাকিলে সকলো কৰিব পাৰি। লাইটফুট সপ্তাহান্তত ৱেলছত অনুষ্ঠিত ‘মেন বনাম হৰ্ছ ‘দৌৰ জয় কৰা তৃতীয়গৰাকী ব্যক্তি হৈ পৰিছে। লাইটফুটে মাত্ৰ দুই ঘণ্টা, ২২ মিনিট আৰু ২৩ ছেকেণ্ডত কিম আলমানৰ দ্বাৰা পৰিচালিত ‘লেন হাউচ বয়’ নামৰ ঘোঁৰাটোক দুই মিনিট আৰু এক ছেকেণ্ডত পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ।
অলিম্পিয়ান আৰু ৰূপৰ পদক বিজয়ী হিথাৰ ফেল আছিল এই প্ৰতিদ্বন্দ্বিতাৰ দ্বিতীয় গৰাকী দ্ৰুততম মহিলা যিয়ে তিনি ঘণ্টা দুই মিনিট আৰু ৫২ ছেকেণ্ডত এই দৌৰ সমাপ্ত কৰিছিল।
ৱেলছ গ্ৰামাঅঞ্চলত অনুষ্ঠিত ২২ মাইলৰ এই দৌৰত ৬০ টা ঘোঁৰা আৰু আৰোহীৰ এটা দলৰ বিৰুদ্ধে ১২০০ জন অংশগ্ৰহণকাৰী আছিল। থিয় পাহাৰ আৰু বোকা অঞ্চলৰ সৈতে দুৰ্গম অঞ্চলটোৱে দৌৰবিদসকলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল।এই দৌৰৰ প্ৰথমবিজয়ী আছিল হু লব যিয়ে ২০০৯ চনত দ্ৰুততম ঘোঁৰাটোক দুই মিনিটত পৰাস্ত কৰিছিল। ২০০৭ চনত, ফ্লৰিন হল্টিংগাৰে এটা ঘোঁৰাক পৰাজিত কৰিছিল।
অনুষ্ঠানটোৰ অফিচিয়েল ৱেবছাইট অনুসৰি ১৯৮০ চনত নিউএড আৰ্মছ পাবৰ দুজন স্থানীয় লোকে দীঘলীয়া দূৰত্বৰ দৌৰত এজন মানুহে কেতিয়াবা ঘোঁৰাক পৰাস্ত কৰিব পাৰিবনে বুলি যুক্তি দিয়াৰ পিছতেই এই দৌৰ আৰম্ভ হৈছিল। অৱশ্যে ‘কৰোণা ভাইৰাছ’ৰ বাবে যোৱা দুবছৰত এই দৌৰ অনুষ্ঠিত কৰা হোৱা নাছিল।