পৰৱৰ্তী আই পি এল (২০২৩-২৭)ৰ প্ৰচাৰৰ বাবে টিভি আৰু ডিজিটেল অধিকাৰৰ মুঠ মূল্য দুগুণতকৈও অধিক বৃদ্ধি পাইছে ৷ জনপ্ৰিয় আই পি এলৰ প্ৰচাৰৰ বাবে টি ভি আৰু ডিজিটেল মিডিয়া কতৃত্ব মুঠ ৩৯,৭৭৫ কোটি টকা (প্ৰায় ৫.১০ বিলিয়ন মাৰ্কিন ডলাৰ)ত বিক্ৰী কৰা হৈছে । আই পি এলৰ অধিকাৰ ই-নিলামৰ দ্বিতীয় দিন সোমবাৰে টিভি আৰু ডিজিটেল অধিকাৰৰ বাবে সৰ্বাধিক দৰদামকাৰী নিশ্চিত হোৱাৰ পিছত মিডিয়া ৰাইটছ বিক্ৰী কৰা হয় ৷ প্ৰতিখন মেচৰ টি ভিত প্ৰচাৰৰ বাবে ৫৭.৫ কোটি টকা (প্ৰায় ৭.৩৬ মিলিয়ন ডলাৰ) প্ৰদান কৰিব লাগিব ৷ আনহাতে পেকেজ বিৰ অর্থাৎ ডিজিটেল প্ৰচাৰৰ বাবে সৰ্বাধিক ৫০ কোটি টকাৰ টকা প্ৰতিখন মেচত প্ৰদান কৰিব লাগিব ৷ ষ্টাৰ ইণ্ডিয়াই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী পাঁচটা ছিজনৰ বাবে টেলিভিছনৰ প্ৰচাৰ অধিকাৰ লাভ কৰিছে ৷