সমগ্ৰ বিশ্বতে আমেৰিকাৰ মিত্ৰতাক পুনৰ শক্তিশালী আৰু পুনৰুজ্জীৱিত কৰাৰ বাবে বাইডেন প্ৰশাসনৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰত, ইজৰাইল, আৰৱ আৰু আমেৰিকাৰ নতুন গোট আই টু ইউ টু গঠন কৰা হৈছে ৷ অহা মাহত এই গোটটোৰ প্ৰথম ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত হ’ব ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেফটালি বেনেট আৰু আৰৱৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানে অহা মাহত খাদ্য সুৰক্ষা সংকট আৰু অন্যান্য বিষয়ত আলোচনাৰ বাবে আই টু ইউ ২ গ্ৰুপিঙৰ প্ৰথমখন ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰিব ৷
১৩ জুলাইৰ পৰা ১৬ জুলাইলৈ বাইডেনৰ মধ্যপ্ৰাচ্য অঞ্চল ভ্ৰমণৰ সময়ত চাৰিখন দেশৰ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব বুলি প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে ৷
বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইছে মঙলবাৰে সংবাদমেলৰ সময়ত সাংবাদিকৰ আগত কয় “ভাৰত হৈছে এখন বৃহৎ বজাৰ। গতিকে, ইয়াৰ প্ৰযুক্তি, বাণিজ্য, জলবায়ু, ক’ভিড আদিকে ধৰি এই দেশসমূহে একেলগে কাম কৰিব পৰা কেইবাটাও ক্ষেত্ৰ আছে।“
‘জ’ বাইডেনে ১৩ জুলাইৰ পৰা ১৬ জুলাইলৈ মধ্যপ্ৰাচ্য অঞ্চল ভ্ৰমণ কৰিব ৷ এই ভ্ৰমণত তেওঁ ইজৰাইল আৰু চৌদি আৰৱত থকৰা লগতে সমগ্ৰ অঞ্চলটোৰ প্ৰায় এক ডজন আগশাৰীৰ নেতাৰ সৈতে মিলিত হ’ব ৷