আজি কৰ্ণাটক উচ্চ ন্যায়ালয়ে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত এটা গোচৰত অভিযুক্ত প্ৰসন্ন কুমাৰ চেমুৱেলৰ বিৰুদ্ধে অপৰাধমূলক প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিছে।চহৰখনৰ এখন বিদ্যালয়ৰ চৌহদত কিছুমান ছোৱালীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত ২০১৫ চনত ভাৰতীয় দণ্ডবিধি (আইপিচি) আৰু পকচো আইনৰ অধীনত প্ৰসন্ন কুমাৰ চেমুৱেলকে ধৰি পাঁচজন লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।
যদিও আৰক্ষীয়ে প্ৰসন্ন কুমাৰৰ বিৰুদ্ধে আৰোপ প্ৰত্যাহাৰ কৰিছিল কিন্তু বিচাৰৰ সময়ত তেওঁক ২০১৭চনৰ ডিচেম্বৰত চৰকাৰী অধিবক্তাৰ দ্বাৰা দাখিল কৰা আবেদনৰ ভিত্তিত মাতি পঠোৱা হৈছিল। উচ্চ ন্যায়ালয়ৰ সন্মুখত ই আছিল এক প্ৰত্যাহ্বান স্বৰূপ।
২৫ মে’ত কুমাৰৰ বিৰুদ্ধে প্ৰক্ৰিয়া বাতিল কৰাৰ সময়ত ন্যায়াধীশ হেমন্ত চন্দনাগৌদাৰে কয়, “অভিযোগপত্ৰৰ সামগ্ৰীয়ে এই কথা প্ৰকাশ নকৰে যে আবেদনকাৰীয়ে উপৰোক্ত অপৰাধ সংঘটিত কৰিছে আৰু লগতে তদন্তকাৰী বিষয়াই ১৯ নৱেম্বৰ, ২০১৯ ত এই আদালতৰ সন্মুখত বিশেষভাৱে কৈছে যে আবেদনকাৰীৰ বিৰুদ্ধে কোনো সামগ্ৰী উপলব্ধ নহয়।”
লগতে তেওঁ এনেদৰে কয় যে “অৱশ্যে, দণ্ডাধীশে অভিযোগপত্ৰৰ সামগ্ৰী অনুসৰণ নকৰাকৈ, নিজ চিন্তা অবিহনে চমন জাৰী কৰিছে আৰু সেইটো অনুমোদিত নহয় ,ই আইনৰ প্ৰক্ৰিয়াৰ অপব্যৱহাৰ,” ।
আনহাতে উক্ত ঘটনা সন্দৰ্ভত মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, নতুন চিডিএছৰ নিযুক্তি সোনকালেই কৰা হ’ব ৷ উল্লেখযোগ্য যে ,প্ৰসন্ন কুমাৰ চেমুৱেল দক্ষিণ ভাৰতৰ গীৰ্জাৰ (চিএছআই) কৰ্ণাটক চেণ্ট্ৰেল ডায়চিচ, বেংগালুৰুৰ এজন বিশ্বপ