এজন ঘোষক হিচাপে আফগানিস্তানৰ সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছিল মুছা মহম্মদী যি বৰ্তমান আফগানিস্তানৰ অৰ্থনৈতিক সংকটৰ মাজত পথৰ দাঁতিত খাদ্য বিক্ৰী কৰা আৰম্ভ কৰিছে ।
দেশখনৰ নিয়ন্ত্ৰণ তালিবানৰ হাতলৈ যোৱাৰ পিছৰে পৰা যথেষ্ট অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছে আফগানিস্তান । ইয়াৰ পূৰ্বে হামিদ কাৰজাই চৰকাৰৰ সৈতে কাম কৰা কবীৰ হকমলৰ শেহতীয়া টুইটাৰ পোষ্টত দেখুওৱা হৈছে যে দেশৰ কিমান জন প্ৰতিভাশালী পেছাদাৰীক দৰিদ্ৰতাৰ ফালে ঠেলি দিয়া হৈছে।
শ্ৰীযুত হকমলে ইতিমধ্যে এজন আফগান সাংবাদিক মুছা মহম্মদীৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। শিৰোনামটোত শ্ৰীযুত হকমলে কৈছে যে, শ্ৰীযুত মহম্মদী বহু বছৰ ধৰি মিডিয়া খণ্ডৰ অংশ আছিল, অৱশ্যে, আফগানিস্তানৰ এনে এক ভয়ংকৰ অৰ্থনৈতিক পৰিস্থিতিৰ মাজত, তেওঁ এতিয়া খাদ্য বিক্ৰী কৰি আছে।
লগতে তেওঁ কয় যে,’’মুছা মহম্মদীয়ে আফগানিস্তানৰ বিভিন্ন টিভি চেনেলত ঘোষক আৰু বাতৰি পৰিবেশক হিচাপে বহু বছৰ ধৰি কাম কৰিছিল কিন্তু এতিয়া তেওঁৰ পৰিয়ালক পোহপাল দিবলৈ কোনো উপাৰ্জন নাই সেয়ে তেওঁ উপাৰ্জনৰ বাবে এতিয়া ষ্ট্ৰীট ফুড বিক্ৰী কৰে। গণৰাজ্যৰ পতনৰ পিছত আমি অফগানসকল অভূতপূৰ্ব দৰিদ্ৰতাৰ সন্মুখীন হওঁ” ।
শ্ৰীযুত মহম্মদীৰ কাহিনী বৰ্তমান ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।যি ৰাষ্ট্ৰীয় ৰেডিঅ’ আৰু দূৰদৰ্শনৰ মহানিৰ্দেশক আহমেদুল্লাহ ৱাছিকৰো দৃষ্টি আকৰ্ষণ কৰিছিল। জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰত এটি টুইট যোগে শ্ৰীযুত ৱাছিকে উল্লেখ কৰে যে, তেওঁ প্ৰাক্তন টিভি ঘোষক আৰু বাতৰি পৰিবেশক গৰাকীক তেওঁৰ বিভাগত নিযুক্তি দিব।
ইফালে, তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা দেশখনে মানৱীয় আৰু অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ আহিছে। তেওঁলোকে সংবাদ মাধ্যমৰ ওপৰতো কঠোৰ পদক্ষেপ লৈছে ৷ কেইবাজনো সাংবাদিকে, বিশেষকৈ মহিলাসকলে যোৱা কেইমাহমানত কৰ্ম সংস্থাপন হেৰুৱাইছে।
বিশ্ব বেংকে শেহতীয়াকৈ কৈছিল যে ২০২১ চনৰ শেষৰ চাৰি মাহত জনমূৰি উপাৰ্জন এক তৃতীয়াংশতকৈও অধিক হ্ৰাস হোৱাৰ সৈতে আফগানিস্তানৰ অৰ্থনীতিয়ে এক ভয়ংকৰ ৰূপ ল’ব। আফগানিস্তানৰ বিশ্ব বেংকৰ জ্যেষ্ঠ অৰ্থনীতিবিদ টবিয়াছ হকে কয়, “পৃথিৱীৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰৰ ভিতৰত এখন দেশ আৰু অধিক দৰিদ্ৰ হৈ পৰিছে।”
Journalists life in #Afghanistan under the #Taliban. Musa Mohammadi worked for years as anchor & reporter in different TV channels, now has no income to fed his family. & sells street food to earn some money. #Afghans suffer unprecedented poverty after the fall of republic. pic.twitter.com/nCTTIbfZN3
— Kabir Haqmal (@Haqmal) June 15, 2022