আৰম্ভ হ’ল ভাৰতৰ প্ৰথমখন ব্যক্তিগত ৰে’ল যাত্ৰা ! দক্ষিণ ৰে’লৱেৰ চিপিআৰঅ’ বি গুগনেছানৰ মতে, এই ৰে’লখনত ১,৫০০ যাত্ৰীয়ে একেলগে যাত্ৰা কৰিব পাৰে ।ই হৈছে ‘ভাৰত গৌৰৱ আঁচনি’ৰ অধীনত দেশৰ প্ৰথমখন ব্যক্তিগত ৰে’ল ।
ভাৰত গৌৰৱ ৰে’লখন ১৪ জুন (মঙলবাৰে)ৰ সন্ধিয়া ৬ বজাত কইম্বাটুৰ উত্তৰৰ পৰা চাই নগৰ শিৰডীলৈ ৰাওনা হয় আৰু ১৬ জুন(বৃহস্পতিবাৰে)ৰ পুৱা ৬.২৫ বজাত চাই নগৰ শিৰডীত উপস্থিত হয় । এই বিশেষ ৰে’লখনে ১৫০০ জন লৈকে যাত্ৰী কঢ়িয়াব পৰা ক্ষমতা বহন কৰে। ‘ভাৰত গৌৰৱ আঁচনি’ৰ অধীনত দেশৰ প্ৰথম ব্যক্তিগত উদ্যোগৰে ৰে’ল আৰম্ভ কৰা দক্ষিণ ৰে’লৱে (SR) অঞ্চলটো দেশৰ ভিতৰতে প্ৰথম অঞ্চল হিচাপে পৰিগণিত হৈছে ৷ উল্লেখযোগ্য যে আনুষ্ঠানিকভাৱে ১৪ জুনত আৰম্ভ হৈছিল এই ৰে’ল যাত্ৰা ।
ৰে’লৱেৰ মতে, ৰে’লখনে প্ৰতি মাহে কমেও তিনিবাৰ ভ্ৰমণ কৰিব পাৰিব। জানিব পৰা মতে ভাৰতীয় ৰে’লৱেয়ে ৰে’লখন পৰৱৰ্তী দুবছৰৰ বাবে লীজত এটা ব্যক্তিগত সেৱা কোম্পানীক হস্তান্তৰ কৰিছে।
ৰে’লখনত প্ৰথম শ্ৰেণীৰ এচি, দ্বিতীয় এচি, তৃতীয় এচি কোচ, স্লিপাৰ কোচকে ধৰি মুঠ ২০ টা ডবা আছে। ইয়াৰ বাহিৰেও, এটা হাউচ কিপিং, সুস্বাদু নিৰামিষ আহাৰ আৰু আন বহুতো সুবিধা উপলব্ধ ৰে’লখনত। ইফালে সেৱা প্ৰদানকাৰীয়ে ২ বছৰৰ বাবে দক্ষিণ ৰে’লৱেক সুৰক্ষা হিচাপে ১ কোটি টকা পৰিশোধ কৰিছে।
উল্লেখ্য যে, ২০২১ চনৰ ২৩ নৱেম্বৰত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে এই ‘ভাৰত গৌৰৱ’ ৰে’লখনৰ নাম ঘোষণা কৰিছিল। এই প্ৰকল্পৰ অন্যতম উদ্দেশ্য হৈছে ভাৰতৰ ঐতিহাসিক স্থান আৰু সমৃদ্ধ সাংস্কৃতিক, ঐতিহ্যক ৰে’লৱেৰ দ্বাৰা সংযোগ কৰি ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি অধিকসংখ্যক লোকক আকৰ্ষিত কৰা।