কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ যাৱতীয় চিকিৎসা অব্যাহত আছে ৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰা অনুসৰি ভৰ্তি হোৱাৰ লগে লগে তেওঁৰ হাওঁফাওৰ নিম্ন অংশত সংক্ৰমণ ধৰা পৰিছে ।
৭৫ বছৰীয়া ছোনিয়া গান্ধীক ১২ জুনত গংগা ৰাম হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ তেওঁৰ নাকৰ পৰা প্ৰচুৰ পৰিমাণে তেজ ওলোৱাৰ বাবে হাস্পতালত ভর্ত্তি কৰা হৈছিল ৷ । যোৱা ২ জুনত তেওঁৰ ক’ভিড পজিটিভ হৈছিল ৷ নেত্ৰীগৰাকীৰ পুত্ৰ-কন্যা ক্ৰমে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰা নিয়মীয়াকৈ তেওঁৰ লগত আছে জানিব পৰা গৈছে। ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে নিশা চিকিৎসালয়ত উপস্থিত হৈ নিশা কটায় বুলি জানিব পৰা গৈছে ৷
ছোনিয়া গান্ধীৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে সাংসদ ৰাহুল গান্ধীয়ে নেশ্যনেল হেৰাল্ড কাকতৰ সৈতে জড়িত গোচৰত জেৰাৰ দিন পিছুৱাই দিবলৈ এনফর্চমেণ্ট সঞ্চালকালয়ক আহ্বান জনাইছিল ৷ ইতিমধ্যে তিনিদিনৰ ভিতৰত ৩০ ঘণ্টাৰো অধিক সময় সোধা-পোছা কৰা ৰাহুল গান্ধীক অহা ২০ জুন সোমবাৰে পুনৰ সোধা-পোছা কৰা হ’ব।