ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ পিছত ৰাহুল দ্ৰাবিড়ে টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷ তেওঁৰ কাৰ্যকালত ভাৰতীয় দলটোৱে নিউজিলেণ্ড, শ্ৰীলংকা, আৰু ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে ৷ ইয়াৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ২-২ গ’লত ড্ৰ’ খেলাৰ পাছত বৰষুণৰ বাবে চূড়ান্ত মেচখন পৰিত্যাগ কৰা হয়। বেংগালুৰুত প্ৰটিয়াছৰ বিৰুদ্ধে পঞ্চমখন টি-২০আই আৰম্ভ হোৱাৰ পূৰ্বে দ্ৰাবিড়ে এতিয়ালৈকে জ্যেষ্ঠ দলটোৰ সৈতে কাম কৰি লাভ কৰা অভিজ্ঞতা প্ৰকাশ কৰে ৷
এই প্ৰসংগতে তেওঁ কয় “এয়া যথেষ্ট ৰোমাঞ্চকৰ আছিল ৷ মোৰ এই যাত্ৰা প্ৰত্যাহ্বানজনক হৈ পৰিছে ৷ যোৱা আঠ মাহত সম্ভৱতঃ ছয়জন অধিনায়ক সলনি হৈছে ৷ যাৰ সৈতে মই কাম কৰিবলগীয়া হৈছে ৷ যিটো মই প্ৰথম প্ৰশিক্ষক হিচাপে কাম আৰম্ভ কৰাৰ সময়ত পৰিকল্পনা নাছিল।”
ৰবি শাস্ত্ৰীৰ পৰা জ্যেষ্ঠ জাতীয় দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল দ্ৰাবিড়ে। দ্ৰাবিড়ৰ প্ৰথমে যোৱা বছৰ নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ আই ছিৰিজত দলটোক দিক প্ৰদর্শন কৰিছিল ৷