কেন্দ্ৰীয় চৰকাৰৰ পৰা ক্ৰয় কৰাৰ পাছতে এয়াৰ ইণ্ডিয়াক পুনৰোজ্জীৱিতকৰণৰ বাবে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে ৷ টাটা গ্ৰুপে ক্ৰয় কৰাৰ পাছত পুণৰোজ্জীৱিতকৰণৰ লগতে প্ৰতিদ্বন্দিসকলক প্ৰত্যাহ্বান জনাবলৈ বিশেষ পৰিকল্পনা লৈছে ৷ ইয়াৰ অংশ হিচাপে নতুনকৈ ২০০ খনৰো অধিক বিমান ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়াৰ ইণ্ডিয়াই ৷
প্ৰতিষ্ঠানটোৱে এয়াৰবাছ এছ ইৰ এ৩২০নিঅ’ পৰিয়ালৰ জেট বা বয়িং কোম্পানীৰ ৭৩৭ মেক্স মডেলৰ অৰ্ডাৰ দিব পাৰে ৷ অথবা দুয়োটা প্ৰতিষ্ঠানৰ পৰা বিমান ক্ৰয় কৰিব পাৰে ৷ ৩০০ খন ৭৩৭ মেক্স-১০ জেটৰ বাবে কৰা চুক্তিৰ মূল্য হ’ব ৪০.৫ বিলিয়ন ডলাৰ ৷ ভাৰতত ‘নেৰ’বডি’ বিমান অৰ্ডাৰ লাভ কৰাটো বয়িঙৰ বাবে এক অভ্যুত্থান হ’ব ৷ কিয়নো ক’ভিড মহামাৰীৰ পূৰ্বে বিশ্বৰ সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা বিমান বজাৰত প্ৰতিদ্বন্দ্বী এয়াৰবাছে আধিপত্য বিস্তাৰ কৰিছে।
৩০০ খন বিমানৰ উৎপাদন আৰু ডেলিভাৰীত বছৰ বছৰ বা আনকি এটা দশকৰো অধিক সময় লাগিব পাৰে। এয়াৰবাছে এমাহত প্ৰায় ৫০খন নেৰ’বডি জেট নিৰ্মাণ কৰে ৷ ২০২৩ চনৰ মাজভাগলৈকে এই সংখ্যা ৬৫খনলৈ আৰু ২০২৫ চনৰ ভিতৰত ৭৫খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।এয়াৰ ইণ্ডিয়াৰ মালিক টাটা গ্ৰুপে নতুন দিল্লীৰ পৰা আমেৰিকাৰ পশ্চিম উপকূললৈকে উৰণ কৰিব পৰা দীৰ্ঘ দূৰত্বৰ জেট বিমান এয়াৰবাছ এ৩৫০ ক্ৰয় কৰিব বুলিও প্ৰকাশ পাইছিল