গর্ভৱতী মহিলাক কর্তব্যত নিযুক্তিৰ ক্ষেত্ৰত ইণ্ডিয়ান বেংকে গ্ৰহণ কৰা নতুন নিয়মক লৈ বিতর্কৰ সুচনা হৈছে ৷ আনকি বেংকটোৰ নতুন নিয়মক লৈ ক্ষুন্ন হৈ পৰিছে দিল্লী মহিলা আয়োগ ৷ আয়োগৰ অধ্যক্ষ স্বাতি মালিৱালে আজি ইণ্ডিয়ান বেংকলৈ এখন জাননী জাৰি কৰি ইয়াৰ “নতুন নিযুক্তি নিয়ম” প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে ৷ উল্লেখ্য যে তিনি বা তাতকৈ অধিক মাহৰ গৰ্ভৱতী মহিলা প্ৰার্থী এগৰাকীক তৎক্ষণাত কর্তব্যত যোগদান কৰাত বাধা আৰোপ কৰা হৈছে ৷
সংবাদ সংস্থা পিটিআইয়ে বেংকটোৰ ৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি – “এগৰাকী মহিলা প্ৰাৰ্থী, যিগৰাকী ১২ সপ্তাহ বা তাতকৈ অধিক মাহৰ গৰ্ভৱতী বুলি ধৰা পৰে, তেওঁ সন্তান জন্ম নিদিয়া পর্যন্ত সাময়িকভাৱে অযোগ্য ঘোষণা কৰা হ’ব ৷ সন্তান জন্মৰ ছয় সপ্তাহৰ পিছত প্ৰাৰ্থীগৰাকীক পুনৰ ফিটনেছ চাৰ্টিফিকেটৰ বাবে পৰীক্ষা কৰা হ’ব ৷ “
সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰতিক্ৰিয়া স্বৰূপে আয়োগে কয় যে বেংকৰ তথাকথিত ব্যৱস্থাটো “বৈষম্যমূলক আৰু অবৈধ “কাৰণ ই ‘সামাজিক সুৰক্ষা সংহিতা, ২০২০’ৰ অধীনত প্ৰদান কৰা প্ৰসূতি সুবিধাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে ৷ এই পদক্ষেপৰ ফলত যোগদান প্ৰক্ৰিয়াত পলম হ’ব আৰু পিছলৈ তেওঁলোকে জ্যেষ্ঠতাৰ মর্যাদা লাভ কৰাৰ পৰা বঞ্চিত হ’ব বুলি আয়োগে জাননীত উল্লেখ কৰিছে।
আয়োগে ঋণদাতাক নতুনকৈ জাৰি কৰা মহিলা বিৰোধী নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ লগতে এই নীতি কিহৰ আধাৰত নির্ধাৰণ কৰা হৈছিল সেয়া অৱগত কৰিবলৈ নির্দেশ দিছে ৷ মালিৱালে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসলৈও এখন পত্ৰ লিখি বিষয়টোত হস্তক্ষেপ কৰি দেশৰ সকলো বেংকক এনে “মহিলাৰ বিৰুদ্ধে বৈষম্যমূলক আইন” প্ৰণয়ন কৰাৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিবলৈ আহ্বান জনাইছে ৷
মালিৱালে কয় -“এগৰাকী গৰ্ভৱতী মহিলাক ‘অস্থায়ীভাৱে অযোগ্য’ বুলি অভিহিত কৰি কৰ্মৰ সুযোগৰ পৰা বঞ্চিত কৰাটো গ্ৰহণযোগ্য নহয়। ইয়াৰ দ্বাৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত পুৰুষতান্ত্রিক মানসিকতা আৰু নাৰীবিদ্বেষৰ প্ৰতিফলন ঘটিছে।এই নিয়মসমূহ বৈষম্যমূলক আৰু অবৈধ আৰু ইয়াক তৎক্ষণাত প্ৰত্যাহাৰ কৰা উচিত। তদুপৰি, বেংকসমূহক ভৱিষ্যতে এনে নিৰ্দেশনা জাৰি কৰাৰ পৰা নিৰুৎসাহিত কৰা উচিত।মই আশা কৰিছো যে আৰ বি আইয়ে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু বেংকসমূহক এনে নিয়ম প্ৰণয়ন কৰাত বাধা প্ৰদান কৰা নিৰ্দেশনা আৰু জবাবদিহি কৰাটো নিশ্চিত কৰিব।’
ইফালে, ১২ সপ্তাহতকৈ অধিক গৰ্ভৱতী হোৱা নিৰ্বাচিত মহিলা প্ৰাৰ্থীক নিযুক্তি নিদিয়াৰ বাবে ইণ্ডিয়ান বেংকৰ “মহিলা বিৰোধী” সিদ্ধান্তকো নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সন্থাই গৰিহণা দিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ লিখা এখন পত্ৰত সৰ্বভাৰতীয় কৰ্মী মহিলা মঞ্চই এই পদক্ষেপক “পশ্চাদগামী আৰু নাৰীবিদ্বেষী বুলি অভিহিত কৰিছে।
ইয়াৰ পূৰ্বে জানুৱাৰী মাহত দেশৰ সৰ্ববৃহৎ ঋণদাতা এছবিআইয়ে নতুন নিয়ম প্ৰণয়ন কৰিছিল য’ত তিনিমাহতকৈ অধিক গৰ্ভাৱস্থা থকা এগৰাকী মহিলা প্ৰাৰ্থীক “সাময়িকভাৱে অযোগ্য” বুলি গণ্য কৰা হ’ব আৰু প্ৰসৱৰ পিছত চাৰি মাহৰ ভিতৰত বেংকত যোগদান কৰিব পাৰিব।বিভিন্ন পক্ষৰ পৰা ব্যাপক সমালোচনাৰ সন্মুখীন হৈ ভাৰতীয় ষ্টেট বেংকে গৰ্ভৱতী মহিলা নিযুক্তিৰ সংশোধিত নিৰ্দেশনা স্থগিত ৰাখিছে।