অনুৰাগীৰ মৰম আৰু প্ৰশংসাৰ ক্ষেত্ৰত শ্বেহনাজ গিল কোনো অচিনাকি নহয়। ছবি, টেলিভিছন আৰু মিউজিক ভিডিঅ’ত কৰা কামৰ বাবে প্ৰশংসা লাভ কৰাৰ পিছত এতিয়া ফেশ্বন উদ্যোগ জয় কৰিবলৈ সাজু হৈছে শ্বেহনাজে। শেহতীয়াকৈ ৰেম্পত আত্মপ্ৰকাশ কৰিছে বিগ বছৰ তাৰকাগৰাকীয়ে ৷ প্ৰথমবাৰৰ বাবে ৰেম্পত খোজ কঢ়া ভিডিঅ’ ছ’চিয়েল মিডিয়াত তেওঁ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত শ্বেহনাজক পৰম্পৰাগত ৰঙা আৰু সোণালী ৰঙৰ লেহেংগা পিন্ধি এগৰাকী ধুনীয়া কইনাৰ ৰূপত দেখা গৈছে ৷ ইয়াৰ উপৰিও শ্বেহনাজে ৰেম্পত খোজ দিয়াৰ লগতে ডিজাইনাৰ সামন্ত চৌহানৰ সৈতে দেখা যায়। আনকি মঞ্চতে ডিজাইনাৰজনৰ সৈতে তেওঁ নৃত্য কৰাও দেখা গৈছিল ৷
ভিডিঅ’টোৰ লগতে শ্বেহনাজ গিলেও অনুষ্ঠানটোৰ সবিশেষ শ্বেয়াৰ কৰি লিখিছে- ৰেম্পত আত্মপ্ৰকাশ ৷ টাইমছ ফেশ্বন উইকত ছুপাৰ টেলেণ্টেড ডিজাইনাৰ সমন্ত চৌহানৰ বাবে তেওঁ ৰেম্পত খোজ কাঢ়িছিল।
কিছুদিন পূৰ্বে শ্বেহনাজ গিলে তেওঁৰ ফটোশ্বুটৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছিল। বগা ৰঙৰ এন্সেম্বলি পিন্ধি শ্বেহনাজক এজন প্ৰকৃত ফেশ্বনিষ্টৰ দৰে চুইমিং পুলৰ কাষত পোজ দিয়া দেখা গৈছিল ৷