আয়ুস মন্ত্ৰণালয়ৰ তত্বাৱধানত দেশৰ বিভিন্ন স্থানৰ লগতে ৭৫টা ঐতিহাসিক স্থানত উদযাপন কৰা হৈছে অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ ৭৫ ঐতিহাসিক স্থানৰ ভিতৰত আছে শিৱসাগৰ জিলাৰ গড়গাঁৱৰ কাৰেংঘৰৰ বাকৰি ৷ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত কাৰেং ঘৰৰ চৌহদত আজি উদযাপন কৰা হয় এই যোগ দিৱস ৷যোগ দিৱসৰ এই বিশেষ অনুষ্ঠানত অসম বিধান সভাৰ উপাধ্যক্ষ নোমল মমিন উপস্থিত থাকে ৷
আনহাতে অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ কামাখ্যা ধামৰ পৰা আদি কৰি পতঞ্জলী যোগপীঠলৈকে স্বাস্থ্য বিষয়ক সজাগতাৰ উদ্দেশ্যেৰে পালন কৰা হয় যোগ দিৱস ৷ গুৱাহাটী মহানগৰীৰ ৰাজভৱনতো ৰাজ্যপাল জগদীশ মুখীৰ উপস্থিতিত উদযাপিত হয় এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷