এফ আই এইচ প্ৰ’ হকী লীগৰ দুটা পৰ্যায়ৰ খেলখনত ভাৰতীয় মহিলা হকী দলে ইতিমধ্যে এক সুন্দৰ আৰম্ভণি কৰিছে। দ্বিতীয় পৰ্যায়ৰ প্ৰথমখন খেলত টীম ইণ্ডিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰক ৪-২ গ’লত পৰাস্ত কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ যদিও ডেনিয়েল গ্ৰেগাই ২৮ মিনিটত ফিল্ড গ’ল কৰি নিজৰ দলক আগুৱাই নিছিল, ভাৰতৰ দীপ গ্ৰেছ এক্কাই ৩১ মিনিটত, নৱনীত কৌৰে ৩২ মিনিটত আৰু চনিকাই ৪০ মিনিটৰ পৰা ১০ মিনিটৰ ভিতৰত তিনিটা গ’লেৰে তীব্ৰগতিত ৩-১ ৰ অগ্ৰগতি লাভ কৰে। আনহাতে দলটোৰ বন্দনা কাটাৰিয়াই ৫০ মিনিটত গ’ল কৰিছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰই ৪৫ মিনিটত পেনাল্টি কৰ্ণাৰত নাটালি কনৰাথৰ গ’লৰ সৈতে ভাৰতৰ অগ্ৰগতি এটা গ’লত সীমিত কৰে যদিও দ্বিতীয়াৰ্ধৰ ৫০ মিনিটত ভাৰতৰ বন্দনা কাটাৰিয়াই ফিল্ড গ’ল কৰি ভাৰতক ৪-২ ৰ অগ্ৰগতি প্ৰদান কৰে যি খেলখনৰ নিৰ্ণায়ক স্ক’ৰ হিচাপে পৰিগণিত হয়।
উল্লেখযোগ্য যে আৰ্জেণ্টিনাই ইতিমধ্যে ১৬ খন খেলত প্ৰতিদ্বন্দ্বিতা কৰি ৪২ পইণ্টৰ সৈতে খিতাপ জয় কৰিছে। প্ৰতিযোগিতাখনত আত্মপ্ৰকাশ কৰা ভাৰতীয় দলটোৱে ১৩ খন খেলৰ প্ৰতিদ্বন্দ্বিতাৰে ২৭ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থানত আছে ।
প্ৰথম পৰ্যায়ত দুয়োটা দলে ইজনে সিজনৰ বৃত্তত স্থান পাবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোকে সফলতা লাভ কৰা নাছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ মেগান ৰজাৰে খেলখনৰ ১০ মিনিটত আক্ৰমণাত্মক প্ৰদৰ্শন কৰে আৰু এটা পেনাল্টি কৰ্ণাৰো লাভ কৰে যদিও দলটোৱে ইয়াক গ’ললৈ ৰূপান্তৰ কৰিব নোৱাৰিলে। দুই মিনিটৰ পিছত ভাৰতে তেওঁলোকৰ প্ৰথম পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল। আনহাতে ভাৰতীয় দলৰ গুৰজিৎ কৌৰেও ইয়াক এটা গ’ললৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হৈছিল। সেয়েহে খেলখনত প্ৰথম কোৱাৰ্টাৰটো আছিল গ’লবিহীন।অৱশ্যে ভাৰতে দ্বিতীয় কোৱাৰ্টাৰটো আক্ৰমণাত্মকভাৱে আৰম্ভ কৰিছিল, আমেৰিকা যুক্তৰাষ্ট্ৰই ২১ মিনিটত দুটা পেনাল্টি কৰ্ণাৰ পাইছিল যদিও ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষাত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’ল দলটো।
আনহাতে খেলখনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ মাত্ৰ দুই মিনিট আগতে ভাৰতে একেৰাহে দুটা গ’লত অগ্ৰগতি লাভ কৰিছিল। উপ-অধিনায়ক দীপ গ্ৰেছ ইক্কাই ৩১ মিনিটত গ’ল কৰি ১-১ স্ক’ৰেৰে সমতা স্থাপন কৰিছিল। ইয়াৰ পিছতে পেনাল্টি কৰ্ণাৰত নৱনীত কৌৰে এটা সুন্দৰ গ’ল কৰি খেলখনৰ ৩২ মিনিটত ভাৰতক ২-১ ৰ অগ্ৰগতি প্ৰদান কৰে। দুয়োটা দলৰ মাজৰ আজি অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ খেলখন ।