ব্ৰিটিছ জাৰ্নেল অৱ স্প’ৰ্টছ মেডিচিনত প্ৰকাশিত এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি যিসকল মধ্যবয়সীয়া লোকে কমেও ১০ ছেকেণ্ডলৈকে এখন ভৰিত থিয় হ’ব নোৱাৰে, ১০ বছৰৰ ভিতৰত তেওঁলোকৰ মৃত্যুৰ আশংকা অধিক বৃদ্ধি পাই ৷ ২০০৯ চনৰ পৰা ব্ৰাজিলত ৫০ বছৰৰ ওপৰৰ ১৭০২ জন লোকৰ মাজত ফিটনেছ আৰু স্বাস্থ্যৰ ওপৰত কৰা এক অধ্যয়নৰ পৰা এই ফলাফল পোৱা গৈছে।
অংশগ্ৰহণকাৰীসকলক হাত দুখন কাষত ৰাখি আগলৈ চাই এটা ভৰি তুলি মাটি স্পৰ্শ নকৰাকৈ আনখন ভৰিৰ পিছফালে ৰাখিবলৈ কোৱা হৈছিল । তেওঁলোকক তিনিবাৰ এনেদৰে চেষ্টা চলাবলৈ অনুমতি দিয়া হৈছিল। পাঁচজনৰ ভিতৰত এজনকৈ লোক এই পৰীক্ষাত ব্যৰ্থ হৈছিল ৷ সাধাৰণতে যিসকলৰ বয়স অধিক বা স্বাস্থ্যৰ অৱস্থা বেয়া তেওঁলোক এই পৰীক্ষাত ব্যর্থ হৈছিল ৷
ব্ৰাজিল, ফিনলেণ্ড, অষ্ট্ৰেলিয়া, ব্ৰিটেইন আৰু আমেৰিকাৰ গৱেষকসকলে জনোৱা মতে, বয়সস্থ লোকসকলৰ নিয়মীয়া শাৰীৰিক অনুশীলনত এটা ভাৰসাম্যজনিত ব্যায়াম কৰিলে চিকিৎসকসকলে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। গৱেষকসকলৰ মতে, বিশ্বজুৰি প্ৰতি বছৰে ৬ লাখ ৮০ হাজাৰতকৈ অধিক লোক বাগৰি পৰি যোৱাৰ বাবে মৃত্যু হয় ৷ ১০ ছেকেণ্ডৰ এই পৰীক্ষাটোৰ জৰিয়তে সহজেই যিসকল দুৰ্বল হ’ব পাৰে তেওঁলোকক চিনাক্ত কৰাত সহায় কৰিব পাৰি।মানুহে ৬০ বছৰ বয়সলৈকে নিজৰ ভাৰসাম্য ৰক্ষাৰ ক্ষমতা বজাই ৰখাৰ প্ৰৱণতা থাকে ৷ তাৰ পাছত দ্ৰুতগতিত এয়া হ্ৰাস পাবলৈ আৰম্ভ কৰে।