দেশত ক্ৰমান্বয়ে বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে দৈনন্দিন ব্যৱহাৰ্য দ্ৰব্য যেনে খাদ্য আৰু পানীয়ৰ মূল্য আকাশচুম্বী হৈছে। এনে পৰিস্থিতিত পানীত হাঁহ নচৰা অৱস্থা হৈছে সাধাৰণ মানুহৰ ৷লগতে দেশৰ সৰ্ববৃহৎ বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) নোটবোৰ প্ৰিণ্ট কৰাটোও হৈ পৰিছে ব্যয়বহুল।
শেহতীয়াকৈ, তথ্যৰ অধিকাৰে (আৰটিআই) প্ৰকাশ কৰিছে যে ২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক হৈছে। ইয়াৰ উপৰিও, ৰিজাৰ্ভ বেংকে সকলো নোট ছপা কৰাৰ বাবে হোৱা ব্যয়ৰ বিষয়েও অৱগত কৰিছে।
শেহতীয়াকৈ আৰটিআইয়ে এই কথা প্ৰকাশ কৰিছে যে বৰ্তমান সময়ত ২০০ টকাৰ নোট এখন মুদ্ৰণ কৰাটো ৫০০ টকাতকৈ বহু বেছি ব্যয়বহুল হৈ পৰিছে। আৰটিআইৰ এক প্ৰশ্নৰ উত্তৰত আৰবিআইয়ে কৈছিল যে আজিকালি ১০ টকাৰ নোট ছপা কৰাটো ২০ টকাতকৈ অধিক ব্যয়বহুল হৈ পৰিছে। ইয়াৰ কাৰণ হৈছে কাগজৰ বৰ্ধিত মূল্য। ইয়াৰ বাহিৰেও আৰ.বি.আই.-য়ে কয় যে বৰ্তমান তেওঁলোকে ২,০০০ টকাৰ নোট ছপা কৰা প্ৰায় বন্ধ কৰি দিছে।
জানো আহক কোনখন নোটৰ মুদ্ৰণৰ ব্যয় কিমান?
১০,০০০ টকাৰ নোট ছপা কৰাৰ ব্যয় – ৯৬০ টকা
২০ টকাৰ ১০০০ নোট ছপা কৰাৰ ব্যয় – ৯৫০ টকা
৫০ টকাৰ ১০০০ নোট ছপা কৰাৰ ব্যয় – ১১৩০ টকা
১০০ টকা ১০০০ নোট ছপা কৰাৰ ব্যয় – ১৭৭০ টকা
১০০০ টকাৰ নোট মুদ্ৰণৰ ব্যয় – ২,৩৭০ টকা
৫০০ টকা হাজাৰ নোট মুদ্ৰণৰ ব্যয় – ২২৯০ টকা
বৰ্ধিত মুদ্ৰাস্ফীতিৰ মাজত নোটৰ ব্যয়ো বৃদ্ধি পাইছে।এই ক্ষেত্ৰত ৫০ টকাৰ নোটৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ মতে, ২০২০-২১ বিত্তীয় বৰ্ষত ৫০ টকাৰ হাজাৰ নোট ছপা কৰাৰ ব্যয় আছিল ৯২০ টকা, যি ২০২১-২২ বৰ্ষত ২৩ শতাংশ বৃদ্ধি হৈ ১,১৩০ টকালৈ বৃদ্ধি পাইছে। একে সময়তে আটাইতকৈ কম প্ৰভাৱ পৰিছে ২০ টকাৰ নোটৰ ওপৰত।কাৰণ ২০২০-২১ বিত্তীয় বৰ্ষত, ২০ টকাৰ নোট ছপা কৰাৰ ব্যয় আছিল ৯৪০ টকা, যি ৯৫০ টকালৈ বৃদ্ধি পাইছিল। অৱশ্যে এই সময়ছোৱাত ৫০০ টকাৰ নোটৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পৰা দেখা পোৱা নাই।