২০১৬ চনত বিবাহপাশত আবদ্ধ হোৱা ৰেপাৰ ৰাফতাৰ আৰু ইণ্টেৰিয়ৰ ডেকোৰেটৰ কোমল ভোহৰাৰ মাজৰ সম্পর্কত ফাঁট মেলিছে ৷ বিবাহৰ মাত্ৰ তিনিটা বছৰৰ পাছতে সম্পর্ক তিক্ত হৈ পৰা ৰাফতাৰ আৰু কোমলে বিবাহ বিচ্চেদ বিচাৰি আৱেদন দাখিল কৰিছে ৷ ২০২০ চনত তেওঁলোকে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায় ৷ অৱশ্যে চলিত বৰ্ষৰ অক্টোবৰ মাহতহে তেওঁলোকে চূড়ান্ত কাগজত স্বাক্ষৰ কৰিব । দম্পতীহালৰ ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে, “ক’ৰোনা মহামাৰীৰ বাবে সকলো কামত পলম হৈছিল। ৬ অক্টোবৰত তেওঁলোকে বিবাহ বিচ্ছেদৰ কাগজত স্বাক্ষৰ কৰিব।” দম্পতীহালৰ ঘনিষ্ঠ সূত্ৰটোৱে লগতে কয় যে বিবাহৰ মাত্ৰ কেইদিনমানৰ পিছতেই তেওঁলোকৰ মাজত সমস্যা আৰম্ভ হৈছিল ৷ অৱশ্যে দুয়োজনেই নিজ নিজ জীৱনত আগবাঢ়িছে আৰু দম্পতীহালে পৰিয়ালৰ সৈতে আন্তৰিকতাৰে আছে। ছ’চিয়েল মিডিয়াতো ৰাফতাৰ আৰু কোমল ভোহৰাই ইজনে সিজনক আনফ’ল’ কৰাৰ লগতে নিজ নিজ ছ’চিয়েল মিডিয়াৰ হেণ্ডেলত ইজনে সিজনৰ লগত থকা ফটোও ডিলিট কৰিছে বুলি জানিব পৰা গৈছে।
দম্পতীহালে এতিয়াও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৷ ২০১১ চনত এজন বন্ধুৰ ঘৰত ৰাফতাৰ আৰু কোমলৰ সাক্ষাৎ হৈছিল । প্ৰায় ৫ বছৰ ডেটিং কৰি ২০১৬ চনত তেওঁলোকৰ বিয়া হৈছিল। তেতিয়া ৰাফতাৰে নিজৰ বিয়াৰ অনুষ্ঠানৰ এখন ছবি শ্বেয়াৰ কৰি নিজৰ বিয়াৰ খবৰটো ঘোষণা কৰিছিল লগতে তেওঁ তেওঁ লিখিছিল, “মোৰ মনৰ সঙ্গীক বিয়া কৰাইছো।” উল্লেখ্য যে ৰাফতাৰৰ, প্ৰকৃত নাম দিলিন নায়াৰ ৷ কেইবাটাও হিত গান গোৱাৰ উপৰি ৰাফতাৰে টিভি শ্ব’ ডান্স ইণ্ডিয়া ডান্সৰ এটা ছিজনৰ বিচাৰক হিচাপে আছিল ৷