অসমৰ দেৰগাঁৱৰ কেইবাখনো ঠাইত এতিয়াৰ পৰা চলাব নোৱাৰিব ই-ৰিক্সা ৷ দেৰগাঁও পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত গ্ৰহণ কৰা হয় এই বিশেষ সিদ্ধান্ত ৷ উক্ত সভাত উপস্থিত থাকে দেৰগাঁও চক্ৰ বিষয়া ,জিলা পৰিবহণ বিষয়া আৰু যান-বাহন আৰক্ষীকে ধৰি বহুকেইগৰাকী লোক ৷
সিদ্ধান্ত অনুসৰি দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু হেমচন্দ্ৰ গোস্বামী পথত ই-ৰিক্সা চালক সকলে চলাব নোৱাৰিব ই-ৰিক্সা ৷ এক সপ্তাহৰ ভিতৰত সকলো ই-ৰিক্সা চালকক অনুজ্ঞাপত্ৰ ল’বলৈ ইতিমধ্যেই নিৰ্দেশ দিয়া হৈছে ৷ ৷ ই-ৰিক্সাই সৃষ্টি কৰা যান-জঁটৰ বিষয়টো আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিছে সভাত উপস্থিত বিষয়-ববীয়া সকলে ৷