অহা ১ জুলাইৰ পৰা সলনি হ’ব পাৰে কামৰ সময় ৷ কিয়নো কেন্দ্ৰই নতুন শ্ৰম আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে ৷ এই আইন কার্যকৰী হ’লেই হাতত থকা দৰমহা, কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডলৈ অৱদান আৰু কৰ্মৰ সময়ৰ যথেষ্ট পৰিৱৰ্তন হ’ব পাৰে। নতুনকৈ নিৰ্ধাৰিত নিয়মসমূহৰ ফলত কৰ্মচাৰীসকলৰ কৰ্মৰ সময় আৰু পিএফৰ বৰঙণি বৃদ্ধি পাব আৰু হাতত লাভ কৰা দৰমহা হ্ৰাস পাব।
১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন শ্ৰম নিয়ম কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে চৰকাৰে। কিন্তু কেইখনমান ৰাজ্যই এতিয়াও নিয়ম ফ্ৰেমৱৰ্ক কৰিব পৰা নাই। মাত্র ২৩খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল (কেন্দ্রীয় শাসিত অঞ্চল)ৰ খচৰা নিয়ম প্রকাশ কৰা হৈছে ৷ লোকসভাত লিখিত উত্তৰত শ্ৰম আৰু নিয়োগ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে এই কথা প্ৰকাশ কৰিছে ৷ নতুন আইন অনুসৰি কোম্পানীসমূহে দিনটোত ৮-৯ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ কাম কৰাৰ সময় বৃদ্ধি কৰিব পাৰিব। অৱশ্যে তেওঁলোকে কৰ্মচাৰীসকলক সাপ্তাহত তিনিদিন বিৰতি দিব লাগিব। গতিকে, এসপ্তাহৰ কৰ্মদিন চাৰিদিনলৈ হ্ৰাস কৰা হ’ব ৷ কিন্তু এসপ্তাহৰ মুঠ কৰ্মৰ সময়ত কোনো প্ৰভাৱ নপৰে। নতুন নিয়ম অনুসৰি প্ৰতি সপ্তাহত মুঠ ৪৮ ঘণ্টা কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে।
নতুন নিয়মৰ অধীনত মৌলিক দৰমহা মাহেকীয়া মুঠ দৰমহাৰ কমেও ৫০ শতাংশ হ’ব বাবে কৰ্মচাৰীসকলৰ দৰমহাতো যথেষ্ট পৰিৱৰ্তন হ’ব। ইয়াৰ ফলত কৰ্মচাৰী আৰু নিয়োগকৰ্তাই দিয়া পি এফ বৰঙণিও বৃদ্ধি পাব। ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে হাতত লাভ কৰা দৰমহা অধিক প্ৰভাৱিত হ’ব ৷ নতুন শ্ৰম আইনৰ অধীনত অৱসৰৰ কৰ্পাছ আৰু গ্ৰেচুইটিৰ পৰিমাণ বৃদ্ধি পাব।