মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকট অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ আটাইতকৈ ঘনিষ্ঠ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতক কাইলৈ মুম্বাইৰ এনফর্চমেণ্ট সঞ্চালকালয়ে তলব কৰিছে ৷ অবৈধ ধন সৰবৰাহৰ গোচৰত জেৰাৰ বাবে তলব কৰা হৈছে ৰাউটক ৷ ইডিয়ে এপ্ৰিল মাহত ১০৩৪ কোটি টকাৰ ভূমি কেলেংকাৰী গোচৰৰ অভিযুক্ত সঞ্জয় ৰাউতৰ সম্পত্তি জব্দ কৰিছিল। ৰাউটে তেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, “মই ভয় নাখাও। মোৰ সম্পত্তি জব্দ কৰক, মোক গুলীয়াই মাৰক বা মোক জেললৈ পঠাওক, সঞ্জয় ৰাউত বালাচাহেব থাকৰেৰ অনুগামী আৰু এজন শিৱ সৈনিক।”
দুমাহৰ পাছত শিৱসেনাৰ কেইবাজনো বিধায়কে বিদ্ৰোহ কৰি কংগ্ৰেছ আৰু এন চি পি দলৰ সৈতে সেনাৰ মিত্ৰতা ভাঙিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ৰাউটে বিদ্ৰোহী বিধায়কসকলে কেন্দ্ৰত শাসকীয় বিজেপিৰ নিৰ্দেশ অনুসৰি কাম কৰাৰ অভিযোগ উত্থাপন কৰে। বিদ্ৰোহীসকলে এক ভাগ হিন্দুত্ববাদী মতাদৰ্শৰ উল্লেখ কৰি বিজেপিৰ সৈতে সেনাই পুনৰ “স্বাভাৱিক” মিত্ৰতালৈ যাব লাগে বুলি জোৰ দি আহিছে।
ৰাজ্যসভাৰ সদস্য ৰাউটে যোৱা সপ্তাহত কয় যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা ইডি শিৱসেনাৰ বিৰুদ্ধে অপব্যৱহাৰ কৰা হৈছে। যোৱা বৃহস্পতিবাৰে সাংবাদিকৰ আগত তেওঁ কয় যে, ইডিৰ হেঁচা থাকিলেও তেওঁলোক উদ্ধৱ থাকৰেৰ সৈতে থিয় দি থাকিব। উদ্ধৱ থাকৰেৰ পিতৃ তথা দলৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি ৰাউটে আৰু কয় যে, “ইডিৰ হেঁচাত যিজন দল এৰি যায় তেওঁ প্ৰকৃত বালাচাহেব ভক্ত নহয়। আমি প্ৰকৃত বালাচাহেব ভক্ত।”