নগাঁৱৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনক গ্ৰেপ্তাৰ কৰিলে ৰূপহীহাট আৰক্ষীয়ে ৷ এমাহ পূৰ্বে নগাঁও আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাক দুৰ্নীতিৰ অভিযোগত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ এই ঘটনাৰ পিছতে এইবাৰ পুনৰ কাৱৈমাৰী আৰক্ষী চকীৰ আন এগৰাকী উপ-পৰিদৰ্শকক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় ৷
দুৰ্নীতিৰ অভিযোগত এইবাৰ নগাঁৱৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনক মঙলবাৰে গ্ৰেপ্তাৰ কৰিলে ৰূপহীহাট আৰক্ষীয়ে ৷ মঙলবাৰে নিশাৰ ভাগত কাৱৈমাৰী আৰক্ষী চকীত হাইদৰ হুছেইনক গ্ৰেপ্তাৰ কৰে ৰূপহীহাট আৰক্ষীয়ে ৷
মাটি বাৰীৰ গোচৰত বাবুল আলি নামৰ এজন ব্যক্তিৰ পৰা উৎকোচ বিচৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল হ’ল হাইদৰ হুছেইন নামৰ বিষয়া গৰাকী ৷ অৱশ্যে ঘটনা সন্দৰ্ভত হাইদৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে ৷
উল্লেখযোগ্য যে বাবুল আলী নামৰ এগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিত কিছুদিন পূৰ্বে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল নগাঁৱৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনৰ ৷এতিয়া সম্পূৰ্ণ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত তথ্য ৷