দেশৰ ভিতৰতে এজন আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানীক ৰিলায়েন্স গোটৰ ‘ৰিটেইল ইউনিটৰ অধ্যক্ষ’ হিচাপে মনোনীত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পৰা এই কথা অনুধাৱন কৰিব পাৰি যে ভাৰতৰ এগৰাকী কোটিপতি উদ্যোগপতি আৰু ঈশাৰ পিতৃ মুকেশ আম্বানী এইবাৰ আগবাঢ়িছে এছিয়াৰ অন্যতম ধনী পৰিয়ালৰ উত্তৰাধিকাৰীৰ বাবে।
বহু বিজ্ঞলোকৰ মতে ঈশা আম্বানীৰ উন্নীতকৰণৰ ঘোষণা অতিশীঘ্ৰেই ঘোষণা কৰা হ’ব । ঈশা বৰ্তমান ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সঞ্চালক।ঈশাৰ যমজ ভাতৃ আকাশ আম্বানীক মঙলবাৰে টেলিকম গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পিছতে ঈশা আম্বানীৰ পদোন্নতিৰ কথা চিন্তা কৰিছে পিতৃ মুকেশ আম্বানীয়ে ৷ ঈশা আৰু আকাশ দুয়ো ‘ৰিলায়েন্স জিঅ’ ইনফোকম লিমিটেডৰ অংশ আছিল আৰু গোটটোত মেটা প্লেটফৰ্মচ ইনক.-ৰ বিনিয়োগৰ বিষয়ে আলোচনা কৰিছিল।
৩০ বছৰীয়া ঈশা ‘য়েল বিশ্ববিদ্যালয়ৰ’ প্ৰাক্তন ছাত্ৰী। ঈশা আৰু আকাশ দুয়ো যমজ ভাতৃ-ভগ্নীৰ বাহিৰেও তেওঁলোকৰ এজন ২৭ বছৰীয়া ভায়েক আছে ৷ তেওঁৰ নাম অনন্ত আম্বানী ।
ৰিলায়েন্স ৰিটেইল আৰু ৰিলায়েন্স জিঅ’ হৈছে পৰিয়ালটোৰ তেলৰ পৰা টেলিকম গোটৰ সহায়ক, যাৰ ভিতৰত ২১৭ বিলিয়ন ডলাৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড হৈছে ফ্লেগশ্বিপ ফাৰ্ম। মুকেশ আম্বানী হৈছে এই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক।