আপোনাক-মোক ৰাজ্যসভা অথবা লোকসভাত প্ৰতিনিধিত্ব কৰা ব্যক্তিসকল অপৰাধমুক্তনে ? আইন প্ৰণয়নৰ ক্ষেত্ৰত প্ৰত্যক্ষ ভুমিকা থকা ৰাজ্যসভাৰ সাংসদসকলৰ বিৰুদ্ধে আছে কেইবাটাও গুৰুতৰ অভিযোগ ৷ ৰাজ্যসভাৰ ৩১ শতাংশ সাংসদৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ ৷ এডিআৰ-নেচনেল ইলেকচন ৱাটচে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷ আনহাতে, উচ্চ সদনৰ সদস্যসকলৰ গড় সম্পত্তি ৭৯.৫৪ কোটি টকা। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু নেচনেল ইলেকচন ৱাটচে ২৩৩ জন সাংসদৰ ভিতৰত ২২৬ জনৰ বিভিন্ন তথ্য বিশ্লেষণ কৰিপ্ৰতিবেদন প্ৰস্তুত কৰিছে ৷
বৰ্তমানৰ ৰাজ্যসভাত এখন আসন খালী হৈ আছে । দুজন সাংসদৰ শপতনামা উপলব্ধ নোহোৱাৰ লগতে জম্মু-কাশ্মীৰৰ চাৰিখন আসন অসংজ্ঞায়িত হোৱাৰ বাবে এতিয়ালৈকে বিশ্লেষণ কৰা হোৱা নাই বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
ৰাজ্যসভাৰ ২২৬ গৰাকী সাংসদৰ ভিতৰত ১৯৭ গৰাকী (৮৭ শতাংশ) ‘কোটিপতি’ আৰু প্ৰতিগৰাকী ৰাজ্যসভা সাংসদৰ গড় সম্পত্তি ৭৯.৫৪ কোটি টকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ৰাজ্যসভাৰ ২২৬ জন সদস্যৰ ভিতৰত ৭১ জন (৩১ শতাংশ) নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে বুলি প্ৰকাশ কৰিছে ৷ ইয়াৰে ৩৭ জন (১৬ শতাংশ)ৰ বিৰুদ্ধে থকা অভিযোগ গুৰুতৰ বুলি জানোব পৰা গৈছে ৷
প্ৰতিবেদন অনুসৰি ৰাজ্যসভাৰ দুগৰাকী সাংসদৰ বিৰুদ্ধে আছে হত্যাৰ সৈতে জড়িত গোচৰ ৷ আন চাৰিজন সাংসদে হত্যাৰ চেষ্টাৰ সৈতে জড়িত গোচৰ ঘোষণা কৰিছে ৷ ৰাজ্যসভাৰ চাৰিজন সাংসদৰ বিৰুদ্ধে নাৰীজনিত অপৰাধৰ সৈতে জড়িত গোচৰ আছে ৷ এই সাংসদ কেইজনৰ ভিতৰত ৰাজস্থানৰ কে চি ভেনুগোপাল (কংগ্ৰেছ)ৰ বিৰুদ্ধে ধৰ্ষণ সম্পৰ্কীয় গোচৰ ৰুজু হৈ আছে ৷
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিজেপিৰ পৰা ৰাজ্যসভাৰ ৮৫ জন সাংসদৰ ভিতৰত ৯ জন (১১ শতাংশ), কংগ্ৰেছৰ ৩১ জন সাংসদৰ ভিতৰত ৮ জন (২৬ শতাংশ), এআইটিচিৰ ১৩ জন ৰাজ্যসভাৰ সাংসদৰ ভিতৰত তিনিজন (৮ শতাংশ), আৰজেডিৰ পৰা ছয়জন সাংসদৰ ভিতৰত পাঁচজন, চিপিআই (এম)ৰ পৰা পাঁচজনৰ ভিতৰত দুজন (৪০ শতাংশ), আপৰ পৰা ১০জনৰ ভিতৰত এজন (১০ শতাংশ), ৱাইএছআৰচিপিৰ পৰা ৯জনৰ ভিতৰত তিনিজন (৩৩ শতাংশ) –এ শপতনামাত নিজৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ ঘোষণা কৰিছে।
ৰাজ্যিক বিৱৰণ দি প্ৰতিবেদনত কোৱা হৈছে যে উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাৰ ৩১ জন সাংসদৰ ভিতৰত ৭ জন (২৩ শতাংশ), মহাৰাষ্ট্ৰৰ ১৯ জন সাংসদৰ ভিতৰত ১২ জন (৬৩ শতাংশ), তামিলনাডুৰ পৰা ১৮ জন সাংসদৰ ভিতৰত ৬ জন (৩৩ শতাংশ), পশ্চিম বংগৰ ১৬ জনৰ ভিতৰত তিনিজন (১৯ শতাংশ), কেৰেলাৰ ৯ জনৰ ভিতৰত ছয়জন (৬৭ শতাংশ) আৰু বিহাৰৰ ১৬ গৰাকী ৰাজ্যসভাৰ সাংসদৰ ১০ গৰাকী (৬৩ শতাংশ) নিজৰ বিৰুদ্ধে শপতনামাত অপৰাধমূলক গোচৰ ঘোষণা কৰিছে ৷