পৃথিৱীৰ আটাইতকৈ ধনী আৰু প্ৰাচীনতম জাহাজডুবি হিচাপে পৰিগণিত ৰোমান যুগৰ এখন মালবাহী জাহাজে ইয়াৰ শেহতীয়া অন্বেষণত বহুখিনি পৌৰাণিক সম্পত্তি উদ্ধাৰ কৰিছে।শেহতীয়াকৈ পানীৰ তলৰ প্ৰত্নতাত্ত্বিকসকলে হাৰকিউলিছৰ ২,০০০ বছৰ পুৰণি এটি মূৰ্তিৰ মূৰৰ লগতে মানুহৰ দাঁতৰ দৰে অন্যান্য কিছু শিল্পকলাও আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।
জেনেভা বিশ্ববিদ্যালয়ৰ সৈতে পানীৰ তত্বাৱধান কৰি থকা ধ্ৰুপদী পুৰাতত্ত্ববিদ প্ৰফেচাৰ লৰেঞ্জ বাউমাৰে এই সন্দৰ্ভত কয় যে , “১৯০০ চনত স্পঞ্জ ডাইভাৰসকলে হাৰকিউলিছৰ প্ৰতিমূৰ্তি সাগৰৰ তলিৰ পৰা উলিয়াই আনিছিল আৰু এতিয়া সম্ভৱতঃ আমি ইয়াৰ মূৰটো বিচাৰি পাইছোঁ।”
শ্ৰীযুত বাউমাৰে লগতে কৈছিল, “ই আটাইতকৈ আকৰ্ষণীয় মাৰ্বলৰ টুকুৰা।” লগতে তেওঁ প্ৰতিমূৰ্তিটোৰ বিশেষত্ববোৰো বৰ্ণনা কৰি কৈছিল য’ত গ্ৰীক আৰু ৰোমান পৌৰাণিক কাহিনীৰ এজন মহান বীৰৰ সকলো চিহ্ন আছিল। “বৃহৎ আকাৰৰ, দীঘল দাড়ি, চুটি চুলিৰ এই মূৰটো দেখাৰ পিছত কোনো সন্দেহ নাই যে এইটো হাৰকিউলিছৰ মূৰ্তি ” ৷
মানুহৰ দাঁত আৰু জাহাজৰ সঁজুলিৰ কিছু অংশৰ সৈতে সাগৰৰ তলত থকা এই আপুৰুগীয়া ভাস্কৰ্যৰ ধ্বংসাৱশেষটোৰ আৱিষ্কাৰ, আংশিকভাৱে ঢাকি থোৱা তিনিটা শিল আঁতৰোৱাৰ দ্বাৰা সম্ভৱ হৈছিল। যাৰ বাবে প্ৰায় তিনি সপ্তাহ ধৰি সামুদ্ৰিক পুৰাতত্ত্ববিদ আৰু বিশেষভাৱে প্ৰশিক্ষিত ডুবাৰুৰ গৱেষণা দলে আগতে কেতিয়াও অন্বেষণ নকৰা এক অঞ্চলত প্ৰৱেশ কৰিছিল।
এক প্ৰতিবেদন অনুসৰি সামুদ্ৰিক অন্বেষণত জাহাজ ডুবিত উদ্ধাৰ হোৱা জাহাজৰ ধ্বংসাৱশেষ আৰু দুটা দাঁত উদ্ধাৰ কৰা হৈছিল ৷ এতিয়া, গৱেষকসকলে বিশ্বাস কৰে যে অৱশিষ্ট বোৰৰ আনুবংশিক আৰু আইচ’টপিক বিশ্লেষণে জাহাজখন তৈয়াৰ কৰা লোকসকলৰ ওপৰত আলোকপাত কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব ।
উল্লেখযোগ্য যে ,কেইবাটাও অভিযানে আগতে ধ্বংসাৱশেষটো অন্বেষণ কৰিছিল। ইয়াৰ বিশাল মাৰ্বল আৰু ব্ৰঞ্জৰ মূৰ্তি, চিৰামিক আৰু গ্লাছৱেৰৰ কাৰ্গোৰ ভিতৰত আটাইতকৈ বিখ্যাত আছিল এণ্টিকিথেৰা মেকানিজম – সূৰ্য, চন্দ্ৰ আৰু গ্ৰহবোৰৰ গতি মেপ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি যাক বিজ্ঞানীসকলে পৃথিৱীৰ প্ৰথম এনালগ কম্পিউটাৰ বুলি বৰ্ণনা কৰিছে।
এই শেহতীয়া অভিযানটো গ্ৰীচৰ ইফোৰেট অফ মেৰিন এণ্টিকুইটিজৰ পাঁচ বছৰীয়া গৱেষণা কাৰ্যসূচীত দ্বিতীয় টো আছিল, যি টো ২০২৫ চনলৈকে অব্যাহত থাকিব।