ঘোষণা কৰা হ’ল দেশৰ সর্বোচ্চ সৌন্দর্য্য প্ৰতিযোগিতা মিছ ইণ্ডিয়াৰ ফলাফল ৷ চলিত বর্ষৰ মিছ ইণ্ডিয়া খিতাপ দখল কৰিলে কৰ্ণাটকৰ ছিনি শ্বেট্টীয়ে। দেওবাৰে ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়াৰ গ্ৰেণ্ড ফাইনেলত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ৰ খিতাপ বিজয়ী হিচাপে ঘোষণা কৰা হয় কৰ্ণাটকৰ চিনি শ্বেট্টীক।জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত আয়োজিত এই অনুষ্ঠানত ৰাজস্থানৰ ৰুবাল শেখাৱটে ফেমিনা মিছ ইণ্ডিয়া ২০২২ৰ প্ৰথম ৰানাৰ্ছ আপ আৰু উত্তৰ প্ৰদেশৰ ছিনাতা চৌহানে ফেমিনা মিছ ইণ্ডিয়া ২০২২ৰ দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে ৷কালি অনুষ্ঠিত ফাইনেলত জুৰী পেনেলৰ অংশ আছিল নেহা ধূপিয়া, ডিনো মৰিয়া আৰু মলাইকা আৰোৰা, ডিজাইনাৰ ৰোহিত গান্ধী আৰু ৰাহুল খান্না, কৰিঅ’গ্ৰাফাৰ শিয়ামক দাৱৰ আৰু প্ৰাক্তন ক্ৰিকেটাৰ মিতালী ৰাজ।
এই প্ৰতিযোগিতাখনে ভাৰ্চুৱেল অডিচনৰ জৰিয়তে দেশৰ সকলো কোণৰ পৰা সম্ভাৱ্য প্ৰতিভা বিচাৰি উলিওৱাৰ বাবে দেশজোৰা অডিচন আৰম্ভ কৰিছিল। পৰৱৰ্তী সাক্ষাৎকাৰৰ ৰাউণ্ডসমূহৰ ভিত্তিত ৩১ গৰাকী ৰাজ্যিক বিজয়ীক চুড়ান্ত তালিকাত স্থান দিয়া হৈছিল ৷চূড়ান্ত প্ৰতিযোগীসকলে মুম্বাইত খ্যাতনামা বিশেষজ্ঞৰ নিৰীক্ষণত কঠোৰ প্ৰশিক্ষণ আৰু গ্ৰুমিঙৰ পাছত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।”
প্ৰাক্তন ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ নেহা ধুপিয়াই কয় যে এই প্ৰতিযোগিতাখনৰ সৈতে তেওঁ লাভ কৰা অমূল্য অভিজ্ঞতাৰ স্মৃতি ঘূৰাই আনে।তাৰকাৰে ভৰা সন্ধিয়াটোত অভিনেতা কৃতী চেনন, লৰেন গটলিবকে ধৰি বহু তাৰকাই অংশগ্ৰহণ কৰে ৷ । অনুষ্ঠানটোৰ ঘোষক আছিল মণীষ পলে।