সাগৰীয় উপকূলত অৱসৰ বিনোদনৰ বাবে আহি ইজিপ্তত প্ৰাণ হেৰুৱালে দুগৰাকী মহিলাই ৷ ইজিপ্তৰ পৰিৱেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি চলিত সপ্তাহত ইজিপ্তৰ উপকূলত শ্বাৰ্কৰ আক্ৰমণত এগৰাকী অষ্ট্ৰিয়ান আৰু এগৰাকী ৰোমানিয়ান মহিলা নিহত হৈছে।লোহিত সাগৰৰ দক্ষিণে থকা ছাহল হাছিছ অঞ্চলত সাঁতুৰি থকাৰ সময়ত মহিলা দুগৰাকীক শ্বাৰ্কে আক্ৰমণ কৰে।ইয়াৰে এগৰাকী ৬৮ বছৰীয়া মহিলা দেশখনৰ টাইৰল অঞ্চলৰ বাসিন্দা ৷ ইজিপ্তলৈ তেওঁ ফুৰিবলৈ আহিছিল ৷ লোহিত সাগৰৰ গৱৰ্ণৰ আমৰ হানাফীয়ে শুকুৰবাৰে অঞ্চলটো তিনিদিনৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিছে ৷ অষ্ট্ৰিয়ান পৰ্যটক গৰাকীৰ বাওঁহাতখন শ্বার্কে ছিঙি পেলায় ৷
দেওবাৰে দেশখনৰ পৰিৱেশ মন্ত্ৰালয়ে জনোৱা মতে ইতিমধ্যে এই সমস্ত ঘটনাৰ অনুসন্ধানৰ বাবে এটা টাস্ক ফ’ৰ্চ গঠন কৰিছে ৷ উল্লেখ্য যে লোহিত সাগৰ এখন জনপ্ৰিয় পৰ্যটনস্থলী য’ত শ্বার্কে বিচৰণ কৰাটো সাধাৰণ কথা যদিও অনুমোদিত সীমাৰ ভিতৰত সাঁতুৰি থকা লোকক আক্ৰমণ কৰাটো খুব কমেইহে দেখা যায়।ইয়াৰ পূর্বে ২০১৮ চনত লোহিত সাগৰৰ পাৰত এজন চেক গণৰাজ্যৰ পৰ্যটক শ্বাৰ্কৰ আক্ৰমণত নিহত হৈছিল। একেধৰণৰ আক্ৰমণত ২০১৫ চনত এজন জাৰ্মান পৰ্যটকৰ মৃত্যু হৈছিল।
ইজিপ্তে বৰ্তমান মুদ্ৰাস্ফীতি আৰু মুদ্ৰাৰ দুৰ্বলতা দূৰ কৰি অর্থনীতি সবল কৰিবলৈ সংগ্ৰাম কৰিবলগা হৈছে ৷ দেশখনে লোহিত সাগৰৰ পৰা পোৱা পৰ্যটন ৰাজহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ৷ ২০১১ চনৰ দেশখনত হোৱা বিদ্ৰোহ আৰু তাৰ পাচত হোৱা অশান্তিৰ লগতে ক’ৰোনা মহামাৰীৰ বাবে বিগত এটা দশকত পৰ্যটন উদ্যোগ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷